/asomiyapratidin/media/media_files/2025/09/24/web-ap-new-format-2024-2025-09-24-11-50-13.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ আৰু পৰিয়ালৰ সিদ্ধান্ত অনুসৰি গুৱাহাটী মহানগৰীৰ কাষৰ সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ২৩ ছেপ্তেম্বৰত শেষকৃত্য সম্পন্ন হ’ল জুবিন গাৰ্গৰ। শেষকৃত্য সম্পন্ন হোৱা সেই স্থানতে মুঠ ১০ বিঘা ভূমি সামৰি অসম চৰকাৰে নিৰ্মাণ কৰিব মহান শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ। তাৰোপৰি যোৰহাটত নিৰ্মাণ কৰিব দ্বিতীয়টো সমাধি ক্ষেত্ৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰিয়েই শেষকৃত্য সম্পন্ন হোৱাৰ ১০ ৰ পৰা ১২ দিনৰ ভিতৰত আৰম্ভ হ’ব সমাধিক্ষেত্ৰৰ চাৰিওফালে দেৱাল নিৰ্মাণৰ কাম। অৱশ্যে সমাধিক্ষেত্ৰৰ নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ হ’ব সেই কথা উল্লেখ কৰা নাই।
ৰাজ্য চৰকাৰে জুবিনৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ কৰিব সেই কথা উল্লেখ নকৰিলেও অৱশ্যে সমাধি ক্ষেত্ৰৰ এক গধূৰ দায়িত্ব স্ব-ইচ্ছাই কান্ধ পাতি ল’বলৈ আগবাঢ়ি আহিছে এগৰাকী জুবিন অনুৰাগীয়ে। বিশিষ্ট ব্যৱসায়ী তথা মনু মটৰ্ছৰ স্বত্বাধিকাৰী অনিল শইকীয়া আগবাঢ়ি আহিছে এই দায়িত্ব কান্ধ পাতি ল’বলৈ।
জুবিনৰ সমাধি ক্ষেত্ৰত থাকিবলগীয়া প্ৰয়োজনীয় ছাউণ্ড ছিষ্টেমৰ সকলো ব্যৱস্থাই কৰিবলৈ প্ৰস্তুত অনি শইকীয়া। প্ৰয়োজন কেৱল তেওঁৰ এই আগ্ৰহক অসম চৰকাৰৰ সেউজ সংকেটৰ।
অনিল শইকীয়াই আশা প্ৰকাশ কৰিছে বিচৰাৰ দৰেই অসম চৰাকৰে এই দায়িত্ব তেওঁক প্ৰদান কৰিব আৰু জুবিনৰ এগৰাকী অনুৰাগী হিচাপে সমাধি ক্ষেত্ৰত ছাউণ্ডৰ ব্যৱস্থা কৰি তেওঁৰ জুবিনলৈ শেষ উপহাৰটি আগবঢ়াব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us