ৱাশ্বিংটনত প্ৰদৰ্শিত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছৱি

ৱাশ্বিংটনত কেৱল এখন  অসমীয়া ছৱি প্ৰদৰ্শন কৰাই নহয় জুবিন গাৰ্গক স্মৰণ কৰি সকলো প্ৰৱাসী অসমীয়াই অসমীয়া সংস্কৃতি, সংগীত আৰু চিনেমাৰ প্ৰতি জুবিন গাৰ্গে আগবঢ়োৱা জীৱনজোৰা অৱদানক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অসমীয়া চলচ্চিত্ৰই ৰচিলে এক নতুন ইতিহাস। যোৱা ১৩ ডিচেম্বৰত  চিএটলৰ চিনেমাৰ্ক থিয়েটাৰ, লিংকন স্কোৱেৰ, বেলভিউত প্ৰায় ৭৫-৮০ জন লোকে জুবিন গাৰ্গৰ অন্তিমখন ছৱি ৰৈ ৰৈ বিনালে উপভোগ কৰে। প্ৰথমবাৰৰ বাবে অসমীয়া ছবি প্ৰদৰ্শিত হয় য'ত আমেৰিকাত থকা প্ৰবাসী অসমীয়া সমাজৰ লোকসকলে এই বিশেষ ক্ষণৰ সাক্ষী হয়।  

উল্লেখ্য় যে,ৱাশ্বিংটনত কেৱল এখন  অসমীয়া ছৱি প্ৰদৰ্শন কৰাই নহয় জুবিন গাৰ্গক স্মৰণ কৰি সকলো প্ৰৱাসী অসমীয়াই অসমীয়া সংস্কৃতি, সংগীত আৰু চিনেমাৰ প্ৰতি জুবিন গাৰ্গে আগবঢ়োৱা জীৱনজোৰা অৱদানক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। এই ছৱিখন  ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত আৰু জীল ক্ৰিয়েচনৰ দ্বাৰা প্ৰযোজিত ৰৈ ৰৈ বিনালে ছৱিখনে দৰ্শকৰ মনত গভীৰ চাপ বহুৱা পৰিলক্ষিত হয়। প্ৰৱাসী অসমীয়া সমাজত গাৰিমা কাশ্যপ, আদিত্য কাপুৰ, টুইংকল হাজৰিকা, সুনয়না হাজৰিকা আৰু দেবর্ষি হাজৰিকাৰ উদ্যোগত ৰৈ ৰৈ বিনালে ছৱিখনৰ প্ৰদৰ্শনিৰ আয়েজন কৰা হয়। 

আয়োজকসকলে কয় যে-  অসমীয়া সংস্কৃতি আৰু অসমীয়া চিনেমাক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ জুবিন গাৰ্গৰ সপোন পূৰণৰ বাবে তেওঁলোকে এই পদক্ষেপ  হাতত লৈ এই প্ৰদৰ্শনিৰ আয়োজন কৰিছে। ইপিনে জুবিন গাৰ্গৰ এই শেষ প্ৰকল্পটোৰ যাত্ৰাৰ এক সৰু অংশ হ'বলৈ পায় সৌভাগ্য বুলি ব্যক্ত আগবঢ়োৱা পৰিলক্ষিত হয়। ৱাশ্বিংটনৰ চিনেমা ইতিহাসত নাম খোদিত কৰিছে ৰৈ ৰৈ বিনালে ছৱিখনে। যিয়ে ভৱিষ্যতে অসমীয়া ছবি প্ৰদৰ্শনৰ বাবে পথ মুকলি কৰে। 

ৰৈ ৰৈ বিনালে ৱাশ্বিংটনত