/asomiyapratidin/media/media_files/2025/09/23/rahul-23-2025-09-23-00-24-54.jpg)
ডিজিটেল ডেস্কঃ ২৩ ছেপ্তেম্বৰ, মঙলবাৰে সম্পন্ন হ'ব জুবিন গাৰ্গৰ শেষকৃত্য। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। যোৱা দুটা দিনত জুবিনৰ শেষকৃত্যক লৈ চলি থকা বিভিন্ন আলোচনাৰ এক অন্যতম আছিল কোনে কৰিব তেওঁৰ মুখাগ্নি?
জানিব পৰা মতে মুঠ তিনিগৰাকীয়ে কৰিব জুবিন গাৰ্গৰ মুখাগ্নি। ইয়াৰে এগৰাকী জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। তাৰোপৰি জুবিনৰ দীৰ্ঘদিনৰ সহযোগী অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই সহযোগ কৰিব পামী বৰঠাকুৰক।
উল্লেখ্য যে, গীতিকাৰ ৰাহুল গৌতম শৰ্মা সাংবাদিক গৌতম শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ যদিও জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ অতি ঘনিষ্ঠ। জুবিনৰ সৈতে প্ৰতিটো অনুষ্ঠানতে, জুবিনৰ বিভিন্ন কাম-কাজৰ সৈতে জড়িত ৰাহুল গৌতম শৰ্মা যদিও জুবিনৰ সৈতে ঘনিষ্ঠ বন্ধুৰ দৰে থাকে তথাপিও জুবিন আৰু গৰিমাই তেওঁক পুত্ৰ জ্ঞান কৰি আহিছে।
জুবিনৰ শেহতীয়া বহু কেইটা গীতৰো গীতিকাৰ ৰাহুল গৌতম শৰ্মাই জুবিনৰ শেষকৃত্যত জুবিনৰ পুত্ৰৰ দৰেই মুখাগ্নি কৰাৰ অধিকাৰ লাভ কৰিছে।