জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনঃ মুখ্যমন্ত্ৰীয়ে কোৱা কথা নুশুনিলে চি আই ডিৰ বিষয়াই...

DSP পৰ্যায়ৰ বিষয়াই আহি ক’লে- ছাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা কথাখিনি ওলাই গ’ল। আপুনি এজন অধিবক্তা সেয়ে আপুনিও জানে এনেকুৱা আইনী কাগজ কেৱল পৰিয়ালৰ লোকেহে চাব পাৰে।

author-image
Tushar Pratim
New Update
zubeen 07

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সঁচাকৈয়ে ৰাজনীতি হৈছে নেকি? জনতাৰ ক্ষোভ প্ৰশমিত কৰিবলৈয়ে মুখ্যমন্ত্ৰীয়ে মুখত যি আহিছে তাকেই কৈছে নেকি? আইনে অনুমতি নিদিয়া কথাও মুখ্যমন্ত্ৰীয়ে কিয় ৰাজহুৱাকৈ উল্লেখ কৰিছে?

এই প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু চি আই ডিৰ কাৰ্যালয়ত বিষয়াই কৰা মন্তব্যৰ বাবে।দৰাচলতে কি হৈছিল জুবিন গাৰ্গৰ সৈতে? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ২৩ ছেপ্তেম্বৰৰ পুৱা সম্পন্ন হৈ যোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আছে?

এই প্ৰশ্ন সকলোৰে মনত। এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল এগৰাকী অধিবক্তা। মুখ্যমন্ত্ৰীৰ কথা মতেই তেওঁ গৈছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাবলৈ।কিন্তু তাত চি আই ডিৰ বিষয়াই কৰা মন্তব্যই এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত উল্লেখ কৰা মতে চি আই ডিৰ কাৰ্যালয়ত আজি জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাবলৈ গৈছিল অধিবক্তা তথা কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিং। কিন্তু তেওঁক চি আই ডিয়ে নেদেখুৱালে সেই মৰণোত্তৰ প্ৰতিবেদন। 

তাৰ পৰিবৰ্তে চি আই ডিৰ বিষয়াই ক’লে- মুখ্যমন্ত্ৰীৰ মুখৰ পৰা সাধাৰণ ৰাইজেও চি আই ডিৰ কাৰ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাব পাৰিব বুলি কৈছিল যদিও, আপুনিও জানে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালৰ লোকৰ বাহিৰে আন লোকক দেখুওৱাত আছে আইনী বাধা। 

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতেই জুবিন গাৰ্গৰ জি এম চি এইছত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছিল কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ সেই প্ৰতিবেদন ৰাজহুৱা নকৰে বুলি কৈয়ো জনাইছিল যদি কোনোৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাব বিচাৰে তেন্তে চি আই ডিৰ কাৰ্যালয়লৈ আহি জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাব পাৰিব। 

মুখ্যমন্ত্ৰীৰ সেই ৰাজহুৱা ভাষ্যৰ আঁত ধৰিয়েই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ‘ক্ৰিমিনেল লয়েৰ’ ৰীতম সিঙে চি আই ডিৰ কাৰ্যালয়লৈ গৈ চাব বিচাৰিছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। কিন্তু চি আই ডিৰ কাৰ্যালয়ত তেওঁক সেই প্ৰতিবেদন চাবলৈ দিয়াৰ পৰিবৰ্তে চি আই ডিয়ে দিলে আইনী পাঠ। 

চি আই ডিৰ বিষয়াই ক’লে মুখ্যমন্ত্ৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাব পাৰিব বুলি কলেও আছে আইনী বাধা। চি আই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহি ৰীতম সিঙে সংবাদ মাধ্যমৰ আগত কয়, কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নহয়, এগৰাকী অধিবক্তা, ‘ক্ৰিমিনিলে লয়েৰ’ হিচাপে মই আজি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা মতেই চাবলৈ আহিছিলো। 

চি আই ডিৰ অফিচত যেতিয়া মই নিজৰ নথি-পত্ৰ যেনে আই ডি, বাৰ কাউঞ্চিলৰ অনুজ্ঞাপত্ৰ জমা দি মোবাইলত ৰেকৰ্ডিং নকৰাকৈ কেৱল চাবলৈ বিচাৰিছিলো। কাৰণ মই এজন ক্ৰিমিনেল লয়েৰ, প্ৰায় প্ৰতিদিনেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাই থাকো। সেয়ে মই জানিবলৈ বিচাৰিছিলো জুবিনদাৰ লগত কি হৈছিল?

তেওঁ কয়, ‘’চি আই ডিয়ে মোক ১৫/২০ মিনিট সময় ৰখালে। তাৰ পাছত ফোন গ’ল। ফোন যোৱাৰ পাছত তেওঁলোকৰ এজন ডি এছ পি পৰ্যায়ৰ বিষয়াই আহি মোক ক’লে- ছাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা কথাখিনি ওলাই গ’ল। কিন্তু যিহেতু আপুনি এজন অধিবক্তা সেয়ে আপুনিও জানে এনেকুৱা আইনী কাগজ কেৱল পৰিয়ালৰ লোকেহে চাব পাৰে বা ক’ৰ্টৰ জৰিয়তেহে আমি দিবলৈ পাৰিম। আৰক্ষীৰ পৰা আমি এইদৰে ৰাজহুৱা কৰিব নোৱাৰো।‘’ 
 
গোটেই বিষয়টোৰ সন্দৰ্ভত ৰীতম সিঙে আৰু কয়, যদিহে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এনেদৰে ৰাজহুৱা কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰী মহোদয়ে কিয় ৰাজহুৱাকৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাব পাৰিব বুলি কৈছিল? পূৰ্বেও হাইপ্ৰফাইল গোচৰৰ ক্ষেত্ৰত আনকি মোক গ্ৰেপ্তাৰৰ সময়তো আই জি পৰ্যায়ৰ বা ডি আই জি পৰ্যায়ৰ বিষয়াৰ সংবাদ মেল প্ৰতিদিনেই অনুষ্ঠিত হৈছিল। 

য’ত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা লৈছে, তদন্ত কিদৰে হৈছে, কোন কোন নতুন সাক্ষীক ধৰিছে সেইবোৰ কথা উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই দৰাচলতে জুবিন গাৰ্গৰ সৈতে কি হৈছিল, দুটাকৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি তথ্য আছে যাৰ বাবে গোচৰ ধাৰা ভাৰতীয় ন্যায় সংহিতাৰ ১০৪ ৰ পৰা ১০৩ লৈ সলনি কৰা হ’ল সেই বিষয়ে জানিবলৈ আহিছিলো। কিন্তু তেওঁলোকে একো জানিবলৈ নিদিলে। 

স্মৰ্তব্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মণৰোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰে বুলি উল্লেখ কৰিছিল যদিও পাছত আদলতক জৰিয়তে আগ্ৰহীসকলে চাব পাৰিব বুলি কৈ পুনৰ চি আই ডিৰ কাৰ্যালয়লৈ আহিও সেই প্ৰতিবেদন চাব পাৰিব বুলি কৈছিল। অন্যহাতে জুবিন গাৰ্গৰ পৰিয়ালক দিবলৈ সেই প্ৰতিবেদন চি আই ডিৰ বিষয়াই লৈ গৈছিল যদিও পত্নী গৰিমা শইকীয়া গাৰ্গে সেই প্ৰতিবেদন গ্ৰহণ কৰাৰ পৰিবৰ্তে আইনৰ ওপৰত বিশ্বাস ৰাখি চি আই ডিৰ বিষয়াৰ হাততেই ঘূৰাই পঠাইছিল। 

জুবিন গাৰ্গ ড০ হিমন্ত বিশ্ব শৰ্মা চি আই ডি