/asomiyapratidin/media/media_files/2025/09/22/zubeen-post-22-2025-09-22-18-15-13.jpg)
ডিজিটেল ডেস্কঃ পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব পাৰে জুবিন গাৰ্গৰ। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু কেন্দ্ৰিক চৰ্চা আৰু বিতৰ্কৰ মাজতে এই সম্ভাৱনা প্ৰৱল হৈ পৰিছে।
জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সৃষ্টি হোৱা বিভিন্ন বিতৰ্ক, বিভিন্ন বিষয়ে তেওঁৰ মৃত্যুৰ ঘটনাক ৰহস্যৰ মাজলৈ ঠেলি দিছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত তীব্ৰতৰ হৈছে তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী।
এনে পৰিপ্ৰেক্ষিততে এতিয়া জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ চিন্তা কৰিছে দিছপুৰে। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।
উল্লেখ্য যে আজি পুৱাই পোহৰলৈ আহিছিল ছিংগাপুৰৰ সাগৰত জুবিন আৰু তেওঁৰ সতীৰ্থৰ আন এটা ভিডিঅ’। সেই ভিডিঅ’ত জুবিনক পানীত নামিবলৈ উচতনি দিয়াৰো অভিযোগ উঠিছে।
জুবিনৰ সতীৰ্ শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্তৰ ভাষ্যয়েও বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। ভাইৰেল হৈছে শেখৰ গোস্বামী আৰু জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদকৰ মাজৰ হোটাছএপ চাট।