জুবিন গাৰ্গক লৈ পুনৰ ৰাজনীতি!

কংগ্ৰেছ কৰ্মীসকলে বিজেপি গ’ বেক ধ্বনিৰ লগত জুবিন গাৰ্গৰ নাম সাঙুৰি আন এক বিতৰ্কৰ সূচনা কৰিছে কংগ্ৰেছে।

author-image
Asomiya Pratidin
New Update
CNGRZBN

ডিজিটেল সংবাদ, ডিগবৈঃ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাই সফলতা লাভ কৰাৰ পাছত, হঠাৎ মুখ্যমন্ত্ৰী গ’ বেক, বিজেপি গ’ বেক আদি ধ্বনি একাংশ কংগ্ৰেছী ব্যক্তিৰ পৰা শুনা গৈছিল। কংগ্ৰেছ কৰ্মীসকলে কৰা এই কামক বৰ বিশেষ এটা গুৰুত্ব দিয়া নহৈছিল, কিন্তু হঠাৎ বিজেপি গ’ বেক ধ্বনিৰ লগত জুবিন গাৰ্গৰ নাম সাঙুৰি আন এক বিতৰ্কৰ সূচনা কৰিছে কংগ্ৰেছে। 

ডিগবৈত মুখ্যমন্ত্ৰীৰ ৰেলীত জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি শ্ল’গান দিয়া সুদীপ ছেত্ৰী আৰু দিগন্ত দাস হৈছে বালিজান কংগ্ৰেছৰ লগত জড়িত। তেনেকৈ টিহুত জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ৰাজনৈতিক শ্ল’গান দিয়াৰ অভিযোগ উঠিছে ধ্ৰুৱজ্যোতি বৰ্মন, বিজয় মণ্ডল, ভাস্কৰ দ্বীপ বৰ্মণ, দীপংকৰ দাস, দীপংকৰ শৰ্মা, বিকি, বিপ্লৱ পাঠক কংগ্ৰেছ আৰু আছুৰ সদস্যৰ বিৰুদ্ধে। 

জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ৰেলীৰ মাজত কংগ্ৰেছ কৰ্মী প্লাণ্ট কৰাৰ বিষয়ে ইতিমধ্যে ইয়াত জড়িত এগৰাকী সদস্যই স্বীকাৰ কৰিছে। ডিগবৈৰ কংগ্ৰেছ কৰ্মীলৈ এই নিৰ্দেশনা প্ৰদান কৰিছিল কংগ্ৰেছৰ টিকট প্ৰত্যাশী এগৰাকী ব্যক্তিয়ে আৰু টিহুৰ কংগ্ৰেছ কৰ্মীলৈ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ এজন নেতা তথা এগৰাকী টিকট প্ৰত্যাশীয়ে এই নিৰ্দেশ প্ৰদান কৰা বুলি উঠিছে অভিযোগ। ৰাজনৈতিক লাভালাভৰ বাবে কংগ্ৰেছে জুবিনৰ নাম ব্যৱহাৰ কৰাক লৈ বহুজনে ইতিমধ্যে কংগ্ৰেছক সকীয়াই দিছে।

বিজেপি অসম প্ৰদেশ কংগ্ৰেছ