পাঠশালাত জুবিন ফেন ক্লাবৰ এজাহাৰ দাখিল...

পাঠশালাতো জুবিন গাৰ্গ ফেন ক্লাবে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বাবে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ আন কেইবাজনকো জগৰীয়া কৰি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 

author-image
Asomiya Pratidin
New Update
pathsala 23

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এতিয়াও ৰাজ্যত এজাহাৰ দাখিল হৈয়ে আছে। পাঠশালাতো জুবিন গাৰ্গ ফেন ক্লাবে তেওঁৰ মৃত্যুৰ ঘটনাৰ বাবে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ আন কেইবাজনৰো বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 

তেওঁলোকে অভিযোগ কৰিছে গাফিলতি, সঠিক ব্যৱস্থাপনাৰ অভাৱৰ বাবেই জুবিন গাৰ্গে ছিংগাপুৰৰ সাগৰত মৃত্যুক সাৱটি ললে। তেওঁলোকে অভিযোগ কৰিছে জুবিনৰ স্বাস্থ্য সম্পৰ্কীয় অৱস্থাৰ কথা জানিও তেওঁৰ একাংশ ঘনিষ্ঠ তথা সতীৰ্থই তেওঁক ব্যক্তিগত আৰু আৰ্থিক লাভৰ বাবে ব্যৱহাৰ কৰিলে।  

তেনে এক কাৰণতে ১৭ ছেপ্তেম্বৰত জুবিন গাৰ্গ ছিংগাপুৰলৈ যাবলৈ বাধ্য হৈছিল বুলি উল্লেখ কৰি জুবিন ফেন ক্লাবে অভিযোগ কৰে যে, সেই সময়ত তেওঁক অতি বেছিকৈ মদ্যপান কৰোৱাই উপযুক্ত যত্ন, আৰু প্ৰয়োজনীয় ঔষধৰ পৰাও বঞ্চিত কৰিছিল।

চিজাৰত আক্ৰান্ত ব্যক্তি পানীৰ পৰা আঁতৰি থাকিব লাগে বুলি জনাৰ পাছতো তেওঁক সাগৰলৈ ১৯ ছেপ্তেম্বৰত লৈ যোৱা হৈছিল। যাৰ বাবে অসমে প্ৰিয় সংগীত শিল্পীগৰাকীক হেৰুৱালে বুলি ফেন ক্লাবে অভিযোগ কৰিছে।

জুবিন গাৰ্গ