সচাঁকৈয়ে আচৰিত কথাবোৰ! 'ঈশ্বৰপুত্ৰ'ই কেনেকৈ দেখিছিল ভৱিষ্যত?

তেওঁ আছিল ঈশ্বৰপুত্ৰ। কিছুদিনৰা বাবে আহিছিল আৰু কৰণীয়খিনি কৰি তেওঁৰ পুনৰ উভতি গ'ল সৰগলৈ। প্ৰতিগৰাকী অসমবাসীয়ে এতিয়া এইদৰেই ভাৱে। এনেদৰেই নিজেই নিজক সান্ত্বনা দিয়ে। কিন্তু জুবিন গাৰ্গ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ  তেওঁ আছিল ঈশ্বৰপুত্ৰ। কিছুদিনৰা বাবে আহিছিল আৰু কৰণীয়খিনি কৰি তেওঁৰ পুনৰ উভতি গ'ল সৰগলৈ। প্ৰতিগৰাকী অসমবাসীয়ে এতিয়া এইদৰেই ভাৱে। এনেদৰেই নিজেই নিজক সান্ত্বনা দিয়ে। কিন্তু জুবিন গাৰ্গ সচাঁকৈয়ে এক ঐশ্বৰিক গুণৰ অধিকাৰী আছিল। সেয়া শেষ সময়ত তেওঁৰ কিছুমান কাম-কাজত প্ৰতিফলিত হৈছে।

ৰৈ ৰৈ বিনালে আৰু জুবিন গাৰ্গৰ বাস্তৱ জীৱনৰ মাজত বহু সাদৃশ্য আছে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰত সাগৰৰ পাৰৰ বহুকেইটা দৃশ্য খাপ খাই পৰিছে জুবিনৰ জীৱনৰ শেষ মূৰ্হুতৰ সৈতে। উল্লেখ কৰা প্ৰয়োজন যে, ৰৈ ৰৈ বিনালে ছবিখনৰ কাহিনী হৈছে জুবিন গাৰ্গৰ। 

এটা সাক্ষাতকাৰত জুবিনে নিজেই কৈছিল যে, তেওঁ গীতৰ কথা আৰু কোনো ছবিৰ কাহিনী সদায়েই সপোনত দেখা পায়।  ৰৈ ৰৈ বিনালেৰ কাহিনীও তেওঁ সপোনতে দেখা বুলিও জীৱিত অৱস্থাত কৈছিল। কোনো ঐশ্বৰিক গুণৰ অধিকাৰী নহ'লে নিজৰ জীৱনৰ সচাঁ ঘটনা এনেদৰে পূৰ্বেই হয়তো সপোনত নেদেখে। এতিয়া নেটিজেন সকলৰ মাজত চৰ্চা চলিছে এনেদৰেই।

ইফালে জুবিন গাৰ্গৰ আন এক কামতো আচৰিত হৈছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল। জুবিন গাৰ্গে পূৰ্বতেও বহুকেইখন ছবিৰ কাম কৰিছে। পূৰ্বৰ কোনো এখন ছবিতে তেওঁ ছবি প্ৰচাৰৰ বাবে এখন চিঠিৰ ব্যৱহাৰৰ বিষয়ে ভৱা নাছিল। কিন্তু ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰচাৰৰ বাবে মুক্তিৰ বহু দিনৰ পূৰ্বেই তেওঁ অনুৰাগীসকলৰ বাবে লিখিছিল এখন বিশেষ চিঠি।

571767441_10165151074614369_4711679076752674276_n

এই চিঠিখনেই এতিয়া ৰৈ ৰৈ বিনালে মুখ্য প্ৰচাৰৰ আহিলা। জুবিন গাৰ্গে হয়তো তেওঁৰ পূৰ্বতেই কিছু অনুভৱ কৰিছিল। যাৰ বাবে তেওঁৰ মনলৈ এনে চিন্তাবোৰ আহিছিল। এই বিষয়টোক লৈ এগৰাকী নেটিজেনে ফেচবুকত লিখিছে এনেদৰে-  

চিনেমা তেওঁ আগতেও বনাইছিল। প্ৰচাৰ আগতেও চলাইছিল। কিন্তু মিছন চাইনা অথবা কাঞ্চনজংঘাৰ সময়ত এনেকৈ লিখি পেলাই চাবলৈ কোৱা দেখোন মনত নপৰে। যদি লিখিছিল নাজানো, কিন্তু লিখা নাছিল যদি তেন্তে এইবাৰ কিয় লিখিলে? কথাটো বাৰে বাৰে মনলৈ আহি আছে। কিবা আচৰিত লাগে কথাবোৰ ভাবিলে....

জুবিন গাৰ্গ