/asomiyapratidin/media/media_files/2025/10/04/yhhhdd-2025-10-04-14-41-51.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ সাক্ষ্য গ্ৰহণৰ বাবে শনিবাৰে ৩গৰাকী সাংবাদিকক তলব কৰে চি আই ডিয়ে। পুৱাৰ ভাগতে দিল্লীত কৰ্মৰত সাংবাদিক সাৰস্বত গোস্বামী চি আই ডি কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত ১.৩০ বজাত সাক্ষ্য গ্ৰহণৰ বাবে উপস্থিত হয় জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ।
উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গ মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ দিনা পুৱাৰ ভাগতে প্ৰণয় বৰদলৈ উপস্থিত হৈছিল ছিংগাপুৰত। তেওঁ সংবাদমাধ্যমক অৱগত কৰা মতে, জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে তেওঁ উক্ত হস্পাতালখনত উপস্থিত হৈছিল আৰু কিছু ভিডিঅ সংগ্ৰহ কৰিছিল। অৱশ্যে বৰদলৈ নিজৰ ব্যক্তিগত কামতহে এগৰাকী বন্ধুৰ ওচৰলৈ যোৱা বুলি সদৰি কৰিছিল।
আনফালে এটা ব্যক্তিগত চেনেলৰ দিল্লীৰ সাংবাদিক সাৰস্বত গোস্বামী জুবিন মৃত্যুকাণ্ডৰ ঘটনাৰ পিছতে ৰাওঁনা হৈছিল ছিংগাপুৰলৈ। তাত শ্যামকানু মহন্তৰ লগতে শেখৰজ্যোতি গোস্বামীৰো সাক্ষাতকাৰ গ্ৰহণ কৰিছিল সাংবাদিকগৰাকীয়ে। এই সাংবাদিকগৰাকীয়েও বহু অভিযোগ উত্থাপন কৰিছিল সামাজিক মাধ্যমত। পৰিস্থিতিৰ সন্দৰ্ভত সাক্ষ্য গ্ৰহণৰ বাবে সাৰস্বতো তলব কৰা হৈছিল চি আই ডিয়ে।
আনফালে চি আই ডিয়ে তলব কৰাৰ সম্ভাৱনা আছে অসমৰ এটা নিউজ পৰ্টেলৰ সাংবাদিককো। প্ৰাপ্ত খবৰ অনুসৰি, এই সাংবাদিকগৰাকীক ছিংগাপুৰত থকা তেওঁৰ আত্মীয়ই বহু পূৰ্বেই দিছিল জুবিন মৃ্ত্যুৰ খবৰ। কিন্তু সেই বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত আছিল নিউজ পৰ্টেলটো। এই সন্দৰ্ভতে সাক্ষ্য গ্ৰহণৰ বাবে এইগৰাকী সাংবাদিককো তলব কৰাৰ সম্ভৱনা আছে। এই তথ্য সদৰি কৰিছে এক নিৰ্ভৰযোগ্য সূত্ৰই। মুঠৰ ওপৰত জুবিন মৃত্যুকাণ্ডৰ তদন্তক লৈ কোনো সুৰুঙা ৰাখিব বিচৰা নাই চি আই ডিয়ে।