/asomiyapratidin/media/media_files/2025/10/06/whatsapp-imag-2025-10-06-11-14-13.jpeg)
ডিজিটেল ডেস্কঃ আজি উকলিব SITয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক বান্ধি দিয়া সময়সীমা। বৰ্তমানলৈকে কোনো এজন প্ৰবাসী অসমীয়া হাজিৰ নহ'ল SITত। যাকে লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
উল্লেখযোগ্য যে, ১৯ ছেপ্তেম্বৰৰ দিনা জুবিনৰ সৈতে য়টখনত আছিল সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, সুদ্বীপ চেটাৰ্জী, তন্ময় ফুকন, দেৱজ্যোতি হাজৰিকা, ৰূপকমল কলিতা, ৱাজিদ আহমেদ, অভিমন্যু তালুকদাৰকে ধৰি ছিংগাপুৰৰ ১১ গৰাকী প্ৰবাসী অসমীয়া। জুবিনৰ শেষ সময়ৰ সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল এই ১১ গৰকী লোক। যাৰবাবে সেই সময়ত উপস্থিত প্ৰতিজনকে হাজিৰ হ'বলৈ দিয়া হৈছিল নিৰ্দেশনা।
৬ অক্টোবৰ শেষসীমা ধাৰ্য কৰি দিয়া হৈছিল SIT জাননীত। কিন্তু এই পৰ্যন্ত এজনো লোক হাজিৰ নহল চিআইডি কাৰ্যালয়ত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধক কাণসাৰেই নিদিলে এই ১১ জন লোকে। আনকি ছিংগাপুৰৰ এই ১১ জন প্ৰৱাসী অসমীয়াই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰাৰো অভিযোগ উত্থাপন হৈছে।
ইফালে, ছিংগাপুৰৰ অসম এছোচিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰৰ ভাতৃয়ে সদৰি কৰে যে, অভিমন্যু তালুকদাৰ অসমলৈ অহাৰ কোনো তথ্য নাই।