জোনালীৰ ষ্টুডিঅ'ৰ সামগ্ৰীৰ বাবে জুবিনৰ পৰা ১৬লাখ টকা সৰকাইছিল সিদ্ধাৰ্থ আৰু শেখৰে!

কাষত থাকি জুবিন গাৰ্গৰ বুকুত কামোৰ দিয়া মানুহবোৰৰ আঁচল ৰূপ দিনে দিনে পোহৰলৈ আহিছে। শেহতীয়াকৈ চি আই ডিৰ জেৰাত সিদ্ধাৰ্থ আৰু শেখৰজ্যোতিয়ে জুবিনক কেনেকৈ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ কাষত থাকি জুবিন গাৰ্গৰ বুকুত কামোৰ দিয়া মানুহবোৰৰ আঁচৰ ৰূপ দিনে দিনে পোহৰলৈ আহিছে। শেহতীয়াকৈ চি আই ডিৰ জেৰাত সিদ্ধাৰ্থ আৰু শেখৰজ্যোতিয়ে জুবিনক কেনেকৈ লুটিছিল তাৰ আন এক তথ্য পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ জোনালীস্থিত ষ্টুডিঅ' নিৰ্মাণৰ নামত টকা লুণ্ঠনৰ অভিযোগ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে

জোনালীস্থিত ষ্টুডিঅ'ত জুবিন গাৰ্গে ব্যৱহাৰ কৰা মাইকটো ৮ লাখ টকাৰ আছিল বুলি শেখৰ আৰু সিদ্ধাৰ্থে কৈছিল জুবিন গাৰ্গক। সেইদৰে জুবিন গাৰ্গেও জীৱিত অৱস্থাত উক্ত মাইকটোৰ দাম ৮লাখ বুলিয়ে সংবাদমাধ্যমৰ লগতে সকলোকে কৈছিল। কিন্তু উক্ত মাইকটো  ৫,০৮,৪৭৪ টকাতহে ক্ৰয় কৰা হৈছিল।

এই তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। মাইক্ৰফোনৰ নামত আদায় দিয়া ধনৰ বিলখনো লাভ কৰিছে তদন্তকাৰী বিষয়াই। উল্লেখ্য যে, জোনালীস্থিত ষ্টুডিঅ'  নিৰ্মাণৰ সময়ত সকলো দায়িত্ব লৈছিল শেখৰ আৰু সিদ্ধাৰ্থে।  ষ্টুডিঅ'ৰ সামগ্রী ক্রয় কৰোঁতে বৃহৎ লুণ্ঠন চলাইছিল শেখৰ আৰু সিদ্ধাৰ্থে।  CIDৰ জেৰাত এটা এটাকৈ স্বীকাৰোক্তি দিছে দুই অভিযুক্তই।

উল্লেখ কৰা প্ৰয়োজন যে, জোনালী ষ্টুডিঅৰ বাবে মুঠ ১৬লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰাৰ তথ্য জুবিনক দিছিল শেখৰ আৰু সিদ্ধাৰ্থে। 

জুবিন গাৰ্গ