/asomiyapratidin/media/media_files/2025/09/19/160f60cb-6cc4-4807-9f98-473b9f48f5f9-2025-09-19-15-50-03.jpg)
ডিজিটেল ডেস্কঃ সেই সুৰীয়া কন্ঠৰে এদিন জুবিনে গাইছিল এই গান। সাগৰ তলিত তেওঁৰ শুবৰ মন। জুবিনৰ সেই কামনাই যেন পূৰ্ণ হ’ল। অজস্ৰ জনৰ হিয়াত শোকৰ হেন্দুলনি তুলি গুছি গ’ল প্ৰিয় শিল্পীজন। ছিংগাপুৰৰ পৰা এটা ফোন আহিছিল পবিত্ৰ মাৰ্ঘেৰিটালৈ। বিদেশ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ভৱা নাছিল সেই ফোনটোৱে কঢ়িয়াই আনিব প্ৰিয় বন্ধুৰ মৃত্যুৰ খবৰ।
খবৰটো প্ৰায়েই তেওঁ শোকস্তদ্ধ হৈ পৰিছিল। আনুষ্ঠানিকভাৱে ছিংগাপুৰ বিদেশ মন্ত্ৰালয়ৰ পৰা দিয়া হৈছিল জুবিন নোহোৱা হোৱাৰ খবৰ। পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰথম এই খবৰ দিছিল মুখ্যমন্ত্ৰীক। শোকস্তদ্ধ হৈ পৰিছিল মুখ্যমন্ত্ৰীও। বি টি চিৰ নিৰ্বাচনী প্ৰচাৰত তেওঁ ব্যস্ত হৈ আছিল।
বাতিল কৰি দিলে সকলো নিৰ্বাচনী সভা। ৰাজ্যত এই খবৰ বিয়পি পৰাৰ পাছত শোকত ভাগি পৰিছে গুণমুদ্ধ। সকলোৰে চকুত কেৱল চকুপানী। বিশ্বাস কৰিব পৰা নাই এই দুঃখবৰ। আচঁলতে জুবিনৰ মৃত্যু হৈছিল ১৯ছেপ্টেম্বৰ, শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি আবেলি ২.৪৫বজাত।
ছিংগাপুৰৰ জেনেৰেল হস্পাতালত ভৰ্তি কৰা হৈছিল তেওঁক। সুধাকন্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উদযাপন হৈ থকাৰ সময়তেই আন এজন জনপ্ৰিয় শিল্পীৰ মৃত্যুৰ খবৰ সচাঁকৈয়ে অসহ্যকৰ। জুবিনৰ সেই গান বাজি আছে বহুতৰ কাণত- আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই দিবলে...