অৱশেষত তেওঁ আহিল! ৰজাৰ দৰে বহি চালে নিজৰ হেপাঁহৰ চিনেমাখন...

ইতিহাস সৃষ্টি কৰি পুৱতি নিশা ৪.২৫বজাতে অসমৰ ছবিগৃহত মুক্তি পালে জুবিন গাৰ্গৰ বহু হেপাঁহৰ ছবি ৰৈ ৰৈ বিনালে। ছবিখন উপভোগ কৰি ছবিগৃহতে কান্দোনত ভাগি পৰিল একাংশ দৰ্শক। হেপাঁহৰ এই ছবিখন ৰজাৰ বহি

author-image
Asomiya Pratidin
New Update
xubddd

ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টি কৰি পুৱতি নিশা ৪.২৫বজাতে অসমৰ ছবিগৃহত মুক্তি পালে জুবিন গাৰ্গৰ বহু হেপাঁহৰ ছবি ৰৈ ৰৈ বিনালে। ছবিখন উপভোগ কৰি ছবিগৃহতে কান্দোনত ভাগি পৰিল একাংশ দৰ্শক। হেপাঁহৰ এই ছবিখন ৰজাৰ বহি উপভোগ কৰিলে জুবিন গাৰ্গেও!

কায়িক ভাৱে নাথাকিলেও জুবিন গাৰ্গৰ বাবে অসমৰ প্ৰায়কেইটা ছবিগৃহত এখনকৈ আসন সংৰক্ষিত হ'ল তেওঁৰ বাবে। গুৱাহাটীৰ মেট্ৰিক্স চিনেমা হ'লত জুবিন গাৰ্গৰ বাবে আছুতীয়াকৈ এখন চোফাৰৰ ব্যৱস্থা কৰা হ'ল।  সুন্দৰকৈ এখন গামোচাও পাৰি দিয়া হৈছে চোফাৰ খনত। তাৰ ওপৰত ৰখা হৈছে জুবিন গাৰ্গৰ এখন ফটো। 

219558fe-1151-415c-aac0-76c4a4ca24d3

আনফালে ঢেকিয়াজুলিৰ নক্ষত্ৰ চিনেমা হলৰ  পদক্ষেপো শলাগ লবলগীয়া। ছবিগৃহটোৰ প্ৰথম শাৰীতেই জুবিনৰ বাবে সংৰক্ষিত কৰা হ'ল এখন আসন। ৰজাৰ ভংগীমাৰে জুবিন বহি থকা এখন ফটো কাট ৰখা হৈছে ছবিঘৰটোত। 

c618cbad-b6b6-4673-9d95-24d06a7b22bd

উল্লেখ কৰা প্ৰয়োজন যে,   অসমৰ ৯৪টা ছবিগৃহত অহা ৩১অক্টোবৰৰ পৰা প্ৰতিদিনেই ৪৫৬টা দৰ্শনী অনুষ্ঠিত হ'ব চিনেমাখনৰ। গুৱাহাটীৰ ১৩টা ছবিগৃহত প্ৰতিদিনেই ১৫৭টাকৈ দৰ্শনী হ'ব। পুৱা ৬বজাৰ পৰাই আৰম্ভ হ'ব প্ৰথম দৰ্শনী। ঠিকতেনেদৰে বিজয় নগৰত ৬টা দৰ্শনী, ৰঙিয়াত প্ৰতিদিনে ৪টা দৰ্শনী, মঙলদৈত প্ৰতিদিনে ৫টা দৰ্শনী, ছয়গাঁৱত প্ৰতিদিনে ৫টাকৈ দৰ্শনী অনুষ্ঠিত হব চিনেমাখনৰ।

আনফালে নলাবাৰী প্ৰতিদিনে ৫টা দৰ্শনীৰ বিপৰীতে বঙাইগাঁৱৰ দুটা ছবিগৃহত প্ৰতিদিনে ৩০টাকৈ দৰ্শনী হ'ব। ডিব্ৰুগড়ত প্ৰতিদিনে ১২টা, তিনিচুকীয়াত প্ৰতিদিনে ১৬টা, যোৰহাটৰ দুটা ছবিঘৰত প্ৰতিদিনে ২১টা, গোলাঘাটত ৪টা আৰু নগাঁৱত প্ৰতিদিনে ৯টা দৰ্শনী অনুষ্ঠিত হ'ব।

তেজপুৰৰ ৪টা ছবিগৃহত প্ৰতিদিনে ৪২টা দৰ্শনী, লখিমপুৰতো ৪টা ছবিঘৰত দিনে ২০টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ডিফুত প্ৰতিদিনে ৪টা দৰ্শনী, হাফলঙত প্ৰতিদিনে ৪টা দৰ্শনী, শিলচৰত ৪টা, মাৰ্ঘেৰিটাত ৪টাকৈ দৰ্শনী প্ৰতিদিনে প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ। 

আনফালে অসমৰ বাহিৰতো ইটানগৰৰ ৩টা ছবিগৃহত প্ৰতিদিনে ৯টা দৰ্শনী, নাহৰ লগুণত দিনে ৩টা দৰ্শনী, বৃহত্তৰ মুম্বাইৰ ১০টা ছবিগৃহত প্ৰতিদিনে ১২টা দৰ্শনী, দিল্লী এন চি আৰৰ ১০টা ছবিগৃহত প্ৰতিদিনে ২৬টা দৰ্শনী প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ।

ইয়াৰোপৰি বেংগালুৰু ১০টা ছবিগৃহত ২৩টা দৰ্শনী প্ৰতিদিনে, হায়দৰাবাদত দিনে ২টা দৰ্শনী, আহমেদাবাদত ১টা, পুণেত দিনে ৭টা, চেন্নাইত দিনে ২টা, কলকতাত দিনে ১২টা আৰু কোচিত প্ৰতিদিনে ১টাকৈ দৰ্শনী প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গৰ অতিকৈ হেপাঁহৰ চিনেমাখন। 

জুবিন গাৰ্গ