/asomiyapratidin/media/media_files/2025/09/19/07a88630-5426-4bef-b4ff-7a9baaec7a20-1-2025-09-19-17-02-30.jpg)
ডিজিটেল ডেস্কঃ সকলো আনুষ্ঠানকিতা ঠিকে-ঠাকে হ'লে জুবিনৰ মৃতদেহ শনিবাৰে বিয়লিভাগত অসম পাবহি। এই কথা অসমীয়া প্ৰতিদিন ডিজিটেলক জনালে জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা অনুজ কুমাৰ বৰুৱাই। তেওঁ অসমীয়া প্ৰতিদিন ডিজিটেলক জনায় যে, শুকুৰবাৰে এই অঘটন সংঘটিত হোৱাৰ পাছতে এতিয়া ছিংগাপুৰ ছিভিল হস্পাতালতে আছে জুবিনৰ নশ্বৰ দেহ।
তেওঁ লগতে জনায় যে, কিছু নীতি-নিয়মৰ পাছত বৰ্তমান জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা চলি আছে। শুকুৰবাৰে নিশাটো হস্পাতালৰ যাৱতীয় কাম-কাজৰ বাবে ছিভিল হস্পাতালতে ৰখা হ’ব জুবিনৰ নশ্বৰ দেহ। তাৰ পাছতে তেওঁক অসমলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ’ব।
বৰুৱাই লগতে জনায় যে, ছিংগাপুৰ অসম ছচায়েটিৰ কিছু সদস্যৰ সৈতে জুবিন ওলাই গৈছিল সাগৰৰ পাৰলৈ। আৰু তাৰ পিছতে সংঘটিত হয় এই অঘটন। উল্লেখ্য যে, অহা দেওবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিনৰ অনুষ্ঠান আছিল। বৰ্তমান নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো বিষয়-ববীয়া হস্পাতালতে উপস্থিত আছে বুলিও জনায় বৰুৱাই।
অনুজ কুমাৰ বৰুৱাই লগতে জনায় যে, এই অঘটন সংঘটিত হোৱাৰ সময়ত জুবিনৰ সৈতে নাছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো বিষয়ববীয়া।