তেওঁৰ মৃত্যুও অভিলেখ...

তেওঁৰ মৃত্যুও এক অভিলেখ। বিশ্বত অতি কম সংখ্যক লোকহে যাক শেষ বিদায় জনাবলৈ অন্তিম যাত্ৰাত সমবেত হয় লাখ লাখ জনতা। জুবিন গাৰ্গৰ এই অন্তিম যাত্ৰাত এতিয়ালৈকে সমবেত হোৱা লোকৰ সংখ্যা ২০লাখৰ কম

author-image
Asomiya Pratidin
New Update
new ap web 10 (1)

ডিজিটেল ডেস্কঃ তেওঁৰ মৃত্যুও এক অভিলেখ। বিশ্বত অতি কম সংখ্যক লোকহে যাক শেষ বিদায় জনাবলৈ অন্তিম যাত্ৰাত সমবেত হয় লাখ লাখ জনতা। জুবিন গাৰ্গৰ এই অন্তিম যাত্ৰাত এতিয়ালৈকে সমবেত হোৱা লোকৰ সংখ্যা ২০লাখৰ কম নহ’ব। তেনে সৌভাগ্যৰ গৰাকী হোৱা নাছিল মাইকেল জেকছনো।

লছ এঞ্জেলছৰ ফৰেষ্ট লান্ট মেমৰিয়েল পাৰ্কত মাইকে জেকছনৰ শেষকৃত্য সম্পন্ন হৈছিল ২০০৯চনত। শেষকৃত্য অনুষ্ঠানত নিৰ্বাচিত ২০হাজাৰ লোককহে সমবেত হ’বলৈ অনুমতি প্ৰদান কৰা হৈছিল। অৱশ্যে বিভিন্ন মাধ্যমৰ জৰিয়তে পৰোক্ষভাৱে ৰকষ্টাৰ গৰাকীক মৃত্যুৰ পাছত শোকত সমভাগী হৈছিল কোটি কোটি লোক।

3

পোপ ফেন্সিছৰ অন্তিম সমদলত ভেটিকান চিটিত অংশ লৈছিল ২লাখ ৫০হাজাৰ লোকে। সমান্তৰালভাৱে ৰোমতে ওলাইছিল এক সমদল। যত অংশ লোৱা লোকৰ সংখ্যা আছিল ডেৰলাখৰো অধিক। ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ খবৰে বিশ্ববাসীক শোকাহত কৰি ৰাখিছিল।

১৯৬৯চনত তামিলনাডুৰ মুখ্যমন্ত্ৰী চি এম আন্নাডোৰাই। প্ৰিয় নেতাজনৰ মৃত্যুৰ পাছত তেওঁৰ অন্তিম শয়নত অংশ লোৱা ডেৰ কোটিৰো অধিক। এইবোৰেই হৈছে কাৰোবাক শেষ বিদায় জনাবলৈ লোকৰ সংখ্যা বিশ্ব অভিলেখ। ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত দেখা পোৱা গৈছিল ১০-১২লাখ লোক শোকৰ সমদলত চামিল হৈছিল।

1

সেই সকলোবোৰ অভিলেখ ভংগ কৰাৰ দিশে এতিয়া জুবিন। আহি আছে মানুহ, চৌদিশে কেৱল মানুহ আৰু মানুহ। হিচাপ কোনেও কৰিব পৰা নাই, কিন্তু ২০লাখৰো অধিক লোকে অংশ লৈছে জুবিনৰ শেষ বিদায় জনোৱাৰ অন্তিম সমদলত। এই সংখ্যা আৰু কেইবালাখলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা হৈছে। অনুমান কৰা হৈছে ৬০-৭০লাখ লোক সমৱেত হ’বগৈ জুবিনৰ শেষকৃত্য অনুষ্ঠানত।

2

জুবিন গাৰ্গ