প্ৰয়াত জুবিন গাৰ্গৰ এমহীয়াঃ সোণাপুৰৰ সমাধি ক্ষেত্ৰত কি কি কাৰ্যসূচীৰ আয়োজন...

প্ৰিয় তথা প্ৰাণৰ শিল্পীগৰাকী উভতি নহাৰ বাটেৰে গুছিঁ যোৱা এমাহেই হ'বৰ হ'ল। ন্যায়প্ৰাপ্তিৰ দাবীৰে বিগত দিনকেইটাত সমগ্ৰ অসমবাসীয়ে কিদৰে দিন কটাইছে সেয়া বুজাই কোৱাৰ প্ৰয়োজন নাই। এনে পৰিস্থিতিৰ মাজতে

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ প্ৰিয় তথা প্ৰাণৰ শিল্পীগৰাকী উভতি নহাৰ বাটেৰে গুছিঁ যোৱা এমাহেই হ'বৰ হ'ল। ন্যায়প্ৰাপ্তিৰ দাবীৰে বিগত দিনকেইটাত সমগ্ৰ অসমবাসীয়ে কিদৰে দিন কটাইছে সেয়া বুজাই কোৱাৰ প্ৰয়োজন নাই। এনে পৰিস্থিতিৰ মাজতে প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচীৰে পালন সমাধি ক্ষেত্ৰত পালন কৰিবলৈ ওলাইছে ডিমৰীয়াবাসী ৰাইজে।

১৯অক্টোবৰ, দেওবাৰ। এই দিনটোতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুঁছি যোৱা এমাহ পূৰ্ণ হ'ব। এই দিনটোত পুৱা ১০বজাৰ পৰা আৰম্ভ হ'ব গীতা পাঠ। এই গীতা পাঠ বিগত দিনকেইটাত সদায়েই অব্যাহত আছে জুবিন সমাধি ক্ষেত্ৰত। ১১বজাত নাম-কীৰ্তনৰ লগতে দুপৰীয়া ১২বজাত অনুষ্ঠিত হ'ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা।

২বজাৰ পৰা মাহ-প্ৰসাদ বিতৰণকে ধৰি লঘু আহাৰ গ্ৰহণ কৰিব পাৰিব ৰাইজে। বিয়লি ৩বজাত এশ আয়তী দল একত্ৰিত ভাবে দিহানাম পৰিৱেশন কৰিব। সন্ধিয়া ৫বজাত অনুষ্ঠিত হব এশ বাঁহীবাদৰ সুৰৰ মূৰ্চ্ছনা। নিশা ৭বজাত  বিশিষ্ট বাদ্যযন্ত্ৰী শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব। 

এই সমগ্ৰ অনুষ্ঠানটো প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ'ব। নিশা ১০বজাত পৰিৱেশন হ'ব অংকীয়া ভাওনা। এই সমগ্ৰ দিনটোৰ কাৰ্যসূচীত ৰাইজৰ দিহা-পৰামৰ্শ কামনা কৰিছে ডিমৰীয়াবাসী ৰাইজে। লগতে জুবিন অনুৰাগীৰ নাম লৈ কোনোৱে যাতে ৰাগিয়াল দ্ৰব্য সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে, সেই আহ্বানো জনায় ডিমৰীয়াবাসী ৰাইজে। 

জুবিন গাৰ্গ