অপ্ৰতিৰোধ্য জুবিনৰ ৰৈ ৰৈ বিনালেঃ ৫দিনত ১১কোটি টকা উপাৰ্জন...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে লৈ অৰ্ভূতপূৰ্ব সহাঁৰি জনাইছে ৰাইজে। মুক্তিৰ পূৰ্বৰে পৰাই অসমীয়া ছবিজগতৰ এটাৰ পিছত এটা অভিলেখ ৰচনা কৰা ছবিখনে মুক্তিৰ ৫টা দিনত ১১কোটি টকাৰ ব্যৱসায়

author-image
Asomiya Pratidin
New Update
xubsdd

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে লৈ অৰ্ভূতপূৰ্ব সহাঁৰি জনাইছে ৰাইজে। মুক্তিৰ পূৰ্বৰে পৰাই অসমীয়া ছবিজগতৰ এটাৰ পিছত এটা অভিলেখ ৰচনা কৰা ছবিখনে মুক্তিৰ ৫টা দিনত ১১কোটি টকাৰ ব্যৱসায় কৰিছে। অৱশ্যে ছবিখনৰ প্ৰযোজকে এই কথা আনুষ্ঠানিকভাৱে সদৰি নকৰিলেও এক বিশেষ সূত্ৰই ৰাজহুৱা কৰিছে এই তথ্য।

উল্লেখ কৰা প্ৰয়োজন যে, ৰৈ ৰৈ বিনালে ছবিখনে মুক্তিৰ দিনটোতে প্ৰায় আঢ়ৈ কোটি টকাৰ ব্যৱসায় কৰিছিল। ইয়াৰ পিছতে প্ৰযোজকে ঘোষণা কৰিছিল যে, ছবিখনৰ মুঠ উপাৰ্জন এমাহৰ মূৰতহে আনুষ্ঠানিকভাৱে সদৰি কৰিব ৰাইজক। সেয়া যি কি নহলেও, ৰৈ ৰৈ বিনালে ছবিখনৰ জৰিয়েই অসমৰ বহুকেইটা বন্ধ হৈ থকা ছবিগৃহও শেহতীয়াকৈ পুনৰ মুকলি হৈছে।

দুলীয়জান, জাগীৰোডৰ দৰে স্থানত নতুনকৈ প্ৰাণ পাই উঠিছে বহুকেইটা ছবিগৃহ। ইফালে ছবিখন চাবলৈ বহুলোকে এতিয়ালৈকে লাভ কৰা নাই টিকট। অনলাইনতে সকলো বুকিং শেষ হৈছে। আগন্তুক প্ৰায় ৩মাহলৈ এই ছবিখন অসমৰ ছবিগৃহত অব্যাহত থাকিব বুলি আশা কৰিছে ছবিঘৰসমূহে। 

জুবিন গাৰ্গ