/asomiyapratidin/media/media_files/2025/09/19/a23c9ca7-9c55-4052-a51b-bc19f8acb899-2025-09-19-18-46-24.jpg)
ডিজিটেল ডেস্কঃ চৰণেহে জানে মৰণৰ স্থান! হৈছিল মাত্ৰ ৫২বছৰ। কোনেনো জানিছিল, কোনেনো ভাৱিছিল অসম আৰু অসমীয়াক প্ৰাণ ভৰি ভাল পোৱা জুবিন গাৰ্গ গুছি যাব ইমান সোনকালে। প্ৰত্যাহ্বান লৈ ভালপোৱা, সোঁতৰ বিপৰীতে যোৱা শিল্পীজন এনেদৰে নোহোৱা হ’ব বুলি ভাৱিব পাৰে কোনে?
ছিংগাপুৰৰ সাগৰৰ পাৰত জুবিন খেলিব খুজিছিল পানীৰ সৈতে। সেই পানীয়ে খেলিলে খেল জুবিনৰ সৈতে। অপৰিচিত সাগৰৰ পানী নহৈ অসমৰ ব্ৰহ্মপুত্ৰ বা আন নদ-নদী পানী হোৱা হ’লে হয়তো নঘটিলহেতেন এনে অঘটন।
বিদেশৰ সাগৰৰ পানীত অসুস্থ হৈ পৰি যোৱা জুবিনক নিয়া হৈছিল ছিংগাপুৰৰ এখন বিশেষ চিকিৎসালয়লৈ। উন্নত সকলো সুবিধাই আছিল সেই চিকিৎসালয়খনত। নাম ছিংগাপুৰ জেনেৰেল হস্পাতাল। প্ৰাণ আছিল জুবিনৰ দেহত তেতিয়াও। পৰ্যাপ্ত নাছিল হৃদস্পন্দন আৰু তেজৰ স্বাভাৱিক প্ৰৱাহ, হেচাঁ।
লাহে লাহে কমি গৈছিল সকলোবোৰ। এটা সময়ত থৰ হৈ ৰৈছিল জুবিন নামৰ সত্তা। এনেকৈয়ে শেষ হৈ গৈছিল আপোন জুবিন গাৰ্গ। সৰগত তেওঁ বিচাৰি লৈছিল নতুন ঠিকনা। মৰতত তেওঁ শেষ ঠিকনা হৈ পৰিছিল- জেনেৰেল হস্পাতাল, ছিংগাপুৰ...