আৰু মাত্ৰ আধা ঘন্টা!

সেইখন বিমানতে আহিছে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ। নতুন দিল্লীৰ অসম ভৱনৰ পৰা ইতিমধ্যে ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কনভয়। লক্ষ্যস্থান নতুন দিল্লী এয়াৰপৰ্ট।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  এতিয়া সময় নিশা ১১ বাজিল। অপেক্ষাৰ অন্ত পৰিবলৈ আৰু কিছু সময় বাকী। ছিংগাপুৰৰ পৰা আহি থকা এয়াৰ ইণ্ডিয়াৰ AIC2116 নম্বৰৰ বিমানখনে স্পৰ্শ কৰিব নতুন দিল্লীৰ বিমান বন্দৰৰ ৰানৱে। 

সেইখন বিমানতে আহিছে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ। নতুন দিল্লীৰ অসম ভৱনৰ পৰা ইতিমধ্যে ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কনভয়। লক্ষ্যস্থান নতুন দিল্লী এয়াৰপৰ্ট।

কফিনত ভৰাই অনা জুবিন গাৰ্গৰ নশ্বৰ দেহ উক্ত বিমানখনৰ পৰা নমোৱাৰ পাছত তেৱেই ল'ব চমজি। জনাৱ ৰাজ্যবাসীৰ হৈ প্ৰথম শ্ৰদ্ধাঞ্জলি।  সাজু কৰি থোৱা আন এখন বিমানত উঠাই দিব জুবিনৰ নশ্বৰ দেহ।

অন্তিমবাৰৰ বাবে ঘৰলৈ উভতা জুবিনৰ এই শেষ যাত্ৰাত বিমানখনত সংগী হ'ব বন্ধু তথা কেবিনেট মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা। এনেকৈয়ে গুৱাহাটী অভিমুখে আহি আছে জুবিন গাৰ্গ!

জুবিন গাৰ্গ