New Update
/asomiyapratidin/media/media_files/2025/09/24/25a4b53e-4915-4e48-86b8-e714a88ac78c-2025-09-24-19-22-16.jpeg)
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এছ আই টি গঠন কৰিব অসম চৰকাৰে।
- অসম আৰক্ষীৰ সুদক্ষ আৰক্ষী বিষয়াসকলক লৈ এছ আই টি গঠনৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।
- সামাজিক মাধ্যমযোগে এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে লিখিছে যে-
আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ। আজি অসমৰ মাননীয় মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু এ ডি জি পি, চি আই ডিৰ সৈতে এখন বৈঠকত মিলিত হওঁ৷ আৰক্ষী সঞ্চালকপ্ৰধানক অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰে এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব। এছ আই টিৰ ওচৰত সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্ত কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব।