/asomiyapratidin/media/media_files/2025/12/12/ujjjss-2025-12-12-11-32-57.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে আদালতত দাখিল হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ সন্দৰ্ভত অভিযোগনামা দাখিল কৰিব তদন্তকাৰী গোটে। প্ৰায় ৩৫০০পৃষ্ঠাজোৰা এই অভিযোগনামাত কি আছে? আদালতত দাখিল কৰাৰ পিছতে সাধাৰণ নাগৰিকে কেনেদৰে চাব পাৰিব এই অভিযোগনামাৰ সন্নিৱিষ্ট তথ্যবোৰ?
নিয়ম অনুসৰি, এছ আই টিয়ে যেতিয়া আদালতত এই অভিযোগনামা দাখিল কৰিব তাৰ পিছতে বিচাৰপীঠৰ ন্যায়াধীশে উক্ত অভিযোগনামা গ্ৰহণ কৰা হৈছে বুলি স্বাক্ষৰ প্ৰদান কৰিব। ন্যায়াধীশে এই স্বাক্ষৰ প্ৰদান কৰাৰ পাছতে উক্ত অভিযোগনামা সাধাৰণ নাগৰিকৰ দস্তাবেজলৈ পৰিণত হ’ব।
এই প্ৰক্ৰিয়াৰ পাছতে যিকোনো এজন লোকে অধিবক্তাৰ সহায় লৈ এই অভিযোগনামা চাব পাৰিব। ইয়াৰ বাবে অন্য কিছু নিৰ্ধাৰিত নিয়মো থাকিব। কিন্তু বিশেষ আদালতত এই অভিযোগনামা দাখিল কৰা পাছতে সাধাৰণ নাগৰিকে এগৰাকী অধিবক্তাৰ সহায়ত আপুনিও চাব পাৰিব জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ সবিশেষ।
উল্লেখ কৰা প্ৰয়োজন যে, বিশেষ আদালতত এই অভিযোগনামা দাখিলৰ পিছতে ন্যায়াধীশে তন্ন তন্নকৈ সকলো পৃষ্ঠাৰ লগতে সকলো দিশ অধ্যয়ন কৰিব। তাৰ পিছতহে আৰম্ভ হ’ব ন্যায়িক প্ৰক্ৰিয়া।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us