ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক লৈ শেহতীয়াকৈ মুখ খুলিছে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে। তেওঁ কয় যে, জাতিটোৰ ভালৰ বাবে কৰা সকলো কামৰ সৈতে জুবিন গাৰ্গ সদায় আছে। এইবাৰ কেৱল ৰাজপথত নহয়, ছচিয়েল মিডিয়াতো হব কা বিৰোধী আন্দোলন। কাৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত তীব্ৰ জনমত গঢ়ি তোলা হব বুলিও কয় জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে।
ইফালে বৰাকত অসমীয়া ভাষাৰ বেনাৰ ফালি পেলোৱাক লৈ তেওঁ কয়- মই বৰাকত ৮বছৰ আছিলো, তেতিয়া এনে পৰিৱেশ কিন্তু নাছিল। আমাৰ মাজত এই বিভাজন থকাটো অনুচিত। বৰাক-বহ্মপুত্ৰ সকলো অসমতে আছে। এই কথাবোৰ নাপাহৰিলেই এনে পৰিস্থিতিৰ সৃষ্টি নহয়।
উল্লেখ্য যে, বৰাকত অসমীয়া বেনাৰ ফালি পেলোৱাক লৈ শেহতীয়াকৈ বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গোহাঁয়ে কয় যে, প্ৰদীপ দত্ত ৰয়ৰ কথাৰ কোনো প্ৰাসংগিকতা নাই। তেওঁ বিশেষ গুৰুত্বপূৰ্ণ ব্যক্তি নহয়।