/asomiyapratidin/media/media_files/2026/01/03/a844ef54-fc16-426c-bf28-746193e43fd3-2026-01-03-21-15-17.jpeg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ সৈতে জড়িত ৭গৰাকী অভিযুক্তৰ ভিতৰত মূল চাৰিটা অভিযুক্তই ইতিমধ্যে নিজাববীয়াকৈ অধিবক্তা লৈছে। শ্যামকানু, শেখৰ, সিদ্ধাৰ্থ আৰু অমৃতপ্ৰভাই ইতিমধ্যে আইনী যুঁজৰ বাবে লৈছে অধিবক্তা। দেশৰ লগতে ৰাজ্যৰ ৪গৰাকী হাই প্ৰফাইল অধিবক্তাই এই ৪গৰাকী অভিযুক্তৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিব।
কিন্তু লক্ষ্যণীয়ভাৱে এতিয়ালৈকে নিজাকৈ কোনো অধিবক্তা লোৱা নাই জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে। আৰ্থিক খেলিমেলি গোচৰত অভিযুক্ত গৈ জেইলত থকা দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ কোনো নিজাববীয়া অধিবক্তা নাই। আনফালে জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গেও লোৱা নাই কোনো নিজা অধিবক্তা।
জিলা আইন সেৱা প্ৰাধিকৰণে নিয়োগ কৰা তিনিগৰাকী অধিবক্তাই ওকালতি কৰিব দুই দেহৰক্ষীৰ লগতে সন্দীপন গাৰ্গৰ হৈ। ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ হৈ চৰকাৰী অধিবক্তাক সহায় কৰিব যুৱ অধিবক্তা প্ৰদীপ্ত তালুকদাৰে।
কোন অভিযুক্তৰ হৈ কোন অধিবক্তাই যুঁজিবঃ-
- অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আনন্দ কুমাৰ ভূঞা আৰু গেব্ৰিয়েল চাহু ।
- শেখৰজ্যোতি গোস্বামীৰ হৈ ওকালতি কৰিব অধিবক্তা সাধন কলিতাই ।
- মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি আহিছে কলিকতাৰ এদল অধিবক্তা ।সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰিব অনিল মিশ্ৰ, মোহিত মিগলানী, অংকিত ধাৱন আৰু সত্যম শিভাছে।
- শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিব কলকাতাৰ অধিবক্তা চানি মুখাৰ্জী আৰু ৰাজদ্বীপ বেনাৰ্জীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us