ময়ো জুবিন, আমিও জুবিন’ শীৰ্ষক কাৰ্যসূচীৰ নাম সলনি কৰিলে বিজেপিয়ে...

জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ বাবে বিজেপিয়ে আৰম্ভ কৰিবলগীয়া ‘ময়ো জুবিন, আমিও জুবিন’ শীৰ্ষক কাৰ্যসূচীৰ নামক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতে বিজেপিয়ে সলনি কৰে এই কাৰ্যসূচীৰ নাম।

author-image
Asomiya Pratidin
New Update
ujjjss

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ বাবে বিজেপিয়ে আৰম্ভ কৰিবলগীয়া ‘ময়ো জুবিন, আমিও জুবিন’ শীৰ্ষক কাৰ্যসূচীৰ নামক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতে বিজেপিয়ে সলনি কৰে এই কাৰ্যসূচীৰ নাম। বিজেপিয়ে এতিয়া এই কাৰ্যসূচীৰ নামাকৰণ কৰিছে- 'ময়ো জুবিন অনুৰাগী,আমিও জুবিন অনুৰাগী হিচাপে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৭অক্টোবৰত এই কাৰ্যসূচীৰ কথা ঘোষণা কৰিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে নিজেও ফেচবুকত ময়ো জুবিন, আমিও জুবিন' লিখি এক আপডেট দিছিল। কিন্তু পিছত এই আপডেট সম্পাদনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এতিয়া বিজেপিয়ে ময়ো জুবিন, আমিও জুবিন'ৰ ঠাইত 'ময়ো জুবিন অনুৰাগী,আমিও জুবিন অনুৰাগী' লিখি সামাজিক মাধ্যমত কেম্পেইন চলাব। অহা ২২ৰ পৰা ২৬অক্টোবৰলৈ জুবিন গাৰ্গক লৈ বিজেপিয়ে বিশেষ কাৰ্যসূচীৰো আয়োজন কৰিছে। উক্ত দিনকেইটাত সমষ্টিয়ে সমষ্টিয়ে সমদল উলিয়াব বিজেপিয়ে।

জুবিন গাৰ্গ