/asomiyapratidin/media/media_files/2025/01/22/MGx5STihljRKsiKlYY2a.jpg)
জুবিনক লৈ চৰ্চা Photograph: (জুবিনক লৈ চৰ্চা)
ডিজিটেল ডেস্কঃ ডেৰ দশকৰ আগৰ কথা।এগৰাকী যুৱকৰ কন্ঠই আলোড়ন সৃষ্টি কৰিছিল মায়া নগৰী মুম্বাইত। য়া লী, দিল ট্যু হি বাতা শীৰ্ষক হিন্দী গীতেৰে তীব্ৰ চৰ্চা লাভ কৰিছিল সেই যুৱকজনে। - এনেকৈয়ে প্ৰশংসাৰে উপচাই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জুবিন গাৰ্গৰ বিষয়ে প্ৰকাশ হৈছে এটা বাতৰি।
কিন্তু সেই বাতৰিৰ শেষৰফালে উল্লেখ কৰা হৈছে সুৰাসক্ত জুবিনৰ বিষয়েহে। মঞ্চত জুবিনে সুৰাসক্ত হৈ গান গাব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হোৱা ভিডিঅ' এই বাতৰিৰ সৈতে সংলগ্ন কৰা হৈছে। প্ৰিয়া ৰে- শীৰ্ষক সেই গীতটো মঞ্চত ভালকৈ গাব নোৱাৰা জুবিনক লৈ প্ৰকাশ কৰা বাতৰিটোক লৈ এতিয়া তীব্ৰ চৰ্চা অব্যাহত আছে।
জুবিনৰ সেই সংগীতানুষ্ঠাৰ ভিডিঅ চাব পাৰিব এই লিংকতঃ-
Piya Re Piya Re ( পিয়া রে পিয়া রে ) | Zubeen Garg Live in Kolkata | Chirodini Tumi Je Amar // Event Manage By - Classic...
Posted by Jhankar Studio on Thursday, December 12, 2024
উল্লেখ কৰা প্ৰয়োজন যে, বহু সংগীতানুষ্ঠানত সুৰাসক্ত জুবিনক লৈ বিমোৰত পৰে আয়োজক সমিতি। ইয়াৰোপৰি বহু সংগীতানুষ্ঠানত গীত পৰিৱেশন নকৰাকৈ অনুৰাগীক নিৰাশ কৰে জুবিন গাৰ্গে। জুবিনৰ এই কৰ্মকাণ্ডই এতিয়া ঠাই পালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো।