/asomiyapratidin/media/media_files/2025/12/17/1-2025-12-17-11-52-55.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথম শুনানি । ৭ অভিযুক্তক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইপিনে আদালতে পৰৱৰ্তী শুনানিৰ দিন অহা ২২ ডিচেম্বৰত দিন ধাৰ্য কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/images-9-2025-12-17-11-51-06.jpg)
ভাৰ্চুৱেল শুনানিৰ সময়ত ৭ অভিযুক্তক নিজ নিজ কাৰাগাৰত আনুষ্ঠানিকভাৱে অভিযোগনামাৰ কপি প্ৰদান কৰিছিল। আদালতে অভিযুক্তসকলৰ পৰিয়ালৰ সদস্যসকলক অভিযোগনামাৰ বিষয়বস্তু সম্পৰ্কে অৱগত কৰাটো নিশ্চিত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/images-8-2025-12-17-11-51-22.jpg)
উল্লেখ্য যে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানিৰ সন্দৰ্ভত মন্তব্য কৰি চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে কয় - অভিযুক্তসকলক নিজ নিজ কাৰাগাৰত অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰা হয় , তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো সকলো বিষয়ত অৱগত কৰা হৈছে। ভাৰ্চুৱেল শুনানিৰ সময়ত অভিযুক্তসকলক তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা আৰু নথি-পত্ৰ লাভ কৰিছে নে নাই সেই বিষয়েও সোধা হৈছে। লগতে কয় ২২ ডিচেম্বৰক পৰৱৰ্তী শুনানিৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছে। সেইদিনা গোচৰটো বিচাৰৰ বাবে অধিবেশন আদালতত প্ৰেৰণ কৰা হ’ব নেকি সেই বিষয়ে আদালতে বিবেচনা কৰিব বুলি আশা কৰিছে। যদি গোচৰটো অধিবেশন আদালতলৈ বদলি হয়, তেন্তে তাৰ পাছতেই অতি সোনকালে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। ইপিনে অভিযোগনামাত এছআইটিয়ে ৭ অভিযুক্তৰ নাম উল্লেখ কৰিছে, তাৰ ভিতৰত চাৰিজনৰ বিৰুদ্ধে সংশ্লিষ্ট আইনী ধাৰাৰ অধীনত হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে বুলি উল্লেখ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/images-7-2025-12-17-11-51-45.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us