/asomiyapratidin/media/media_files/2025/11/01/ujjjs-2025-11-01-22-37-26.jpg)
ডিজিটেল ডেস্কঃ ঈশ্বৰপুত্ৰৰ শেষৰখন ছবি। অতিকৈ হেপাঁহেৰে মৰমৰ মানুহখিনিৰ বাবে সৰ্বস্ব উজাৰি প্ৰাণ দিছিল ৰৈ ৰৈ বিনালেক। ছিংগাপুৰৰ পৰা উভতি আহিয়েই বাকী থকা ২০শতাংশ কাম সমাপ্ত কৰিম বুলি ভাৱিছিল যদিও সেয়া হৈ নুঠিল। কিন্তু তেওঁ পূৰ্বে কৰি থোৱা পৰিকল্পনা অনুসৰিয়েই সমগ্ৰ টীমটোৱে অশেষ কষ্ট কৰি চিনেমাখন ৩১অক্টোবৰতেই দৰ্শকৰ বাবে এৰি দিছিল।
প্ৰথম দিনটোতে ২কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিলে ছবিখনে। ছবিখনত শব্দ সংমিশ্ৰণৰ কাম কৰা মুম্বাইত প্ৰতিষ্ঠিত জুবিন গাৰ্গৰ অতিকৈ ঘনিষ্ঠ বন্ধু তথা ভাতৃ অমৃত প্ৰীতম এইকেইদিন অসমতে আছে। শনিবাৰে সংবাদমাধ্যমৰ সন্মুখত অমৃত প্ৰীতমে কয় যে, এই ছবিখন কেৱল অসমৰ মাজত সীমাৱদ্ধ হৈ থকা নাই, বিশ্বজুৰি প্ৰসাৰিত হৈছে। এয়াই আছিল জুবিনৰ শক্তি।
অমৃত প্ৰীতমে লগতে কয় যে, বলিউদ ত্যাগ কৰাতোৱেই জুবিন গাৰ্গৰ আছিল শ্ৰেষ্ঠ সিদ্ধান্ত। বলিউদত থকা হ’লে হয়তো আমি আজিৰ জুবিনজনক নাপালোহেঁতেন। বলিউদত থকা হ’লে জুবিন দা আজি বহুত ডাঙৰ গায়ক আৰু বহুত পইচা হ’লহেতেঁন। কিন্তু আজিৰ জুবিন গাৰ্গক আমি বিচাৰি নাপালোহেতেন। আজি পৃথিৱীৱে অসমলৈ চাইছে কেৱল জুবিন দাৰ বাবে।
অমৃত প্ৰীতমে লগতে কয় যে, বলিউদৰ জগতখন দেখিবলৈহে ভাল। উল্লেখ কৰা প্ৰয়োজন যে, ৰৈ ৰৈ বিনালে শব্দ সংমিশ্ৰণৰ লগতে বাকী প্ৰায়বোৰ কাম মুম্বাইত সম্পন্ন হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us