/asomiyapratidin/media/media_files/2025/09/28/447-2025-09-28-23-24-53.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে দেওবাৰে আজাৰাৰ স্কেমিঅ’ গ্লোবেল স্কুলত অনুষ্ঠিত কৰা শৰতৰ দুপৰীয়া অনুষ্ঠানত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতিয়ে জুবিনৰ প্ৰতিচ্চবিত মাল্যাৰ্পণ কৰাৰ পিছতেই সভাপতি কুমাৰ দীপক দাস সহ উপস্থিত সকলোৱে পুষ্প নিবেদন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ইয়াৰ পিছতে সমৱেত আটায়ে থিয় হৈ জুবিনৰ ‘মায়াৱিনী’ গীতটি পৰিৱেশন কৰি পৰিৱেশ গহীন কৰি তোলে৷ সাহিত্য চৰ্চা কেন্দ্ৰৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শৰতৰ দুপৰীয়া অনুষ্ঠানটিৰ আঁত ধৰে বিনয় চলিহা আৰু প্ৰাণজিত দাসে ৷
অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতাই অনুষ্ঠানটি উদ্বোধন কৰে আৰু কৰুণাকান্ত ৰায়ে জুবিনৰ শিশু কালত তেওঁ লগপোৱাৰ কাহিনী স্মৰণ কৰে ৷ ৰায়ে লগতে জুবিনৰ দেউতাক কপিল ঠাকুৰৰ সংগ লাভৰ বিষয়েও কয় ৷
ইয়াৰ পিছতে বিভিন্নজনে গীত আৰু কবিতাৰে জুবিনক স্মৰণ কৰে৷ এই সভাতেই সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ ২০২৫ বৰ্ষৰ সাহিত্য বঁটা মণীষা শৰ্মাৰ হাতত আৰু ৰাজেন পাম শিল্পী বঁটা সুলেখা বসুমতাৰীৰ হাতত তুলি দিয়ে ৷ দুয়োটা বঁটা কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক মঞ্জু দেৱী পেগু আৰু কুমাৰ দীপক দাসে প্ৰাপক দুগৰাকীৰ হাতত তুলি দিয়ে ৷
সভাপতিৰ ভাষণত কুমাৰ দীপক দাসে অশ্ৰুসিক্ত নয়নেৰে জুবিনক স্মৰণ কৰে৷ সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদক ভৱেশ দাসে জুবিনলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত আটাইলৈ গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে৷