কোনো সাৰি নাযায়! ছিংগাপুৰ আছাম এছ'চিয়েছনৰ সদস্যৰ বিৰুদ্ধেও চলিব অভিযান...

জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত হৈ থকা কোনো এগৰাকী লোককে সাৰি যাবলৈ দিয়া নহ'ব।  শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯জনীয়া এছ আই টি গঠন কৰি ইয়াৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান

author-image
Asomiya Pratidin
New Update
SINGGDD

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত হৈ থকা কোনো এগৰাকী লোককে সাৰি যাবলৈ দিয়া নহ'ব।  শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯জনীয়া এছ আই টি গঠন কৰি ইয়াৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰিয়েই ২৫ছেপ্টেম্বৰ, ২০২৫ৰ পুৱাৰ ভাগতে এছ আই টিৰ দল উপস্থিত হয় কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত।

ইফালে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে, এছ আই টিয়ে সম্পূৰ্ণ স্বতন্ত্ৰভাৱে এই তদন্ত প্ৰক্ৰিয়া চলাই যাব। তেওঁ লগতে ঘোষণা কৰিছে  অসম আৰক্ষীৰ ফালৰ এটা দলো ছিংগাপুৰলৈ যাব। ছিংগাপুৰত থকা আছাম এছ'চিয়েছনৰ যিসমূহ সদস্য আছে ছিংগাপুৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে তেওঁলোকৰো তথ্যসমূহ সংগ্ৰহ কৰিব। আনফালে  এই সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়েও অনুসন্ধান অব্যাহত ৰাখিছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

ইফালে জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়ালৈকে কোনো কথাই ৰাজহুৱা কৰা নাই ছিংগাপুৰ অসম এছ'চিয়েছনে। ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত শেষ নোহোৱালৈকে কাকোৱেই মন্তব্য প্ৰকাশ নকৰিবলৈহে নিৰ্দেশনা প্ৰদান কৰা হৈছে এছ'চিয়েছনৰ তৰফৰ পৰা। এছ'চিয়েছনৰ এই কাণ্ডক লৈও শেহতীয়াকৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জুবিন গাৰ্গ