জুবিন বিহীন নিশাঃ গৰিমাই চাই থাকিল মাথোঁ এখন বিশেষ ফটো, ক'লে বহু কথা...

ওৰে নিশা জুবিনৰ ফটো আৰু জুবিনৰ কথা কৈ কৈ কান্দি সময় কটালে পত্নী গৰিমাই। এগৰাকী শিল্পীয়ে অংকণ কৰা জুবিনৰ এখন বিশেষ ফটো চাই গৰিমাই উপস্থিত সকলোকে কৈছিল- কিমান যে মৰম লগা ফটো এইখন।

author-image
Asomiya Pratidin
New Update
ujj

ডিজিটেল ডেস্কঃ ওৰে নিশা জুবিনৰ ফটো আৰু জুবিনৰ কথা কৈ কৈ কান্দি সময় কটালে পত্নী গৰিমাই। এগৰাকী শিল্পীয়ে অংকণ কৰা জুবিনৰ এখন বিশেষ ফটো চাই গৰিমাই উপস্থিত সকলোকে কৈছিল- কিমান যে মৰম লগা ফটো এইখন। কিমান ধুনীয়া মুখখন। 

9dba154d-58f6-47f6-b171-c302b6267a63
ফটো- শিৱানু বৰা

জুবিনে পশু পখীৰ প্ৰতি যতন কেনেদৰে লৈছিল, কেনেকৈ  গছ লতাক ভাল পাইছিল এই সকলোবোৰ কথা সোঁৱৰি ওৰে নিশা কটালে পত্নী গৰিমাই। মাজনিশা ৰ ঘৰত উপস্থিত থকা লোকসকলক পত্নী গৰিমা গাৰ্গে জুবিনে পুহিবলৈ লোৱা বান্দৰটো, বগলী, কাউৰীজনী কথা কৈ কৈ বৰকৈ কান্দিছিল।

জুবিনে সেই বান্দৰটোৰ নাম দিছিল মধুসূদন গাৰ্গ । এজনী বগলীয়ে আঘাত পাই পৰি থকা দেখি এদিন সেই বগলীজনীকো লৈ আহি চিকিৎসা কৰিছিল জুবিনে । সেই বগলীজনীৰো এটা নাম দিছিল জুবিনে । গৰিমাই ক'লে যে,  "গল্ডীয়ে বগলীজনীৰ নাম দিছিল উদাসীনী গাৰ্গী ।

0207ea9e-75f1-4cbc-9dc1-e8eb42860797
ফটো- শিৱানু বৰা

কান্দি কান্দি গৰিমাই কৈছিল-  এতিয়া এই চৰাই, জন্তুবোৰেওতো গল্ডীক বিচাৰি থাকিব । সিহঁতেওতো তাক বিচাৰি ফুৰিব । কেইজনীমান কাউৰী আহে । গল্ডীয়ে সদায় হটকেচ এটাত সিহঁতৰ খাদ্য দি থয় । সেই কাউৰীকেইটাইওতো গল্ডীক এতিয়া বিচাৰি ফুৰিব । মই এতিয়া অকলে সিহঁতবোৰক গল্ডীৰ দৰে বাৰু যতন ল'ব পাৰিমনে ?" 

এনেদৰেই শোকাকূল এক পৰিৱেশত নিশাটো পাৰ হ'ল জুবিনৰ কাহিলীপাৰাস্থিত ঘৰখনত। পিতৃ কপিল ঠাকুৰো ৰোগীয়া দেহাৰে চটফটাই থাকিল বিচনাত। জুবিনৰ বাসগৃহৰ বাহিৰত ওৰে নিশা অনুৰাগীসকল থিয় হৈ থাকিল। সকলোৰে মুখত কেৱল এটাই গান- ধুমুহাৰ সতে মোৰ বহুদিনৰে নাচোন...

6b7bac32-9a25-4512-b7ea-ead188c368e5
ফটো- শিৱানু বৰা

(উৎসঃ বিশিষ্ট চিত্ৰ সাংবাদিক শিৱানু বৰাৰ এটা লেখা)

জুবিন গাৰ্গ