/asomiyapratidin/media/media_files/2025/09/22/new-ap-web-1-3-2025-09-22-17-36-12.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ জনতাৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক পৰিয়ালৰ এজন সদস্য হিচাপে গণ্য কৰি ব্ৰত ৰাখিছে শিৱসাগৰৰ এজন যুৱকে৷ এই যুৱকজনৰ নাম হৃষীকেশ দুৱৰা৷ জুবিন গাৰ্গৰ লগত যুৱক জনৰ আছিল নিবিড় সম্পৰ্ক৷
চিৰদিনৰ বাবে জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে শিৱসাগৰৰ যুৱকজন৷ ছিংগাপুৰলৈ যোৱাৰ আগলৈকে জুবিনৰ লগত একেলগে আছিল এই যুৱকজন৷ গভীৰ আক্ষেপেৰে হৃষীকেশে কয়— “জুবিন দাক আমি ছিংগাপুৰ যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিলো, তেওঁ প্ৰথমে ছিংগাপুৰ নোযোৱাৰ পোষকতা কৰিছিল যদিও মূৰকত গ’ল”।
উল্লেখ্য যে দশম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়তে জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰিছিল হৃষীকেশে৷ বয়সৰ পাৰ্থক্যক একাষৰীয়া কৰি জুবিনে হৃষীকেশক অন্তৰৰ নিভৃত কোণত স্থান দিছিল৷ জুবিন গাৰ্গৰ লগত বহু নিৰিবিলি সময় পাৰ কৰি শিৱসাগৰীয়া যুৱকজনে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই শোকবিহ্বল হৈ পৰিছে৷
ছিংগাপুৰৰ সমুদ্ৰত জুবিন গাৰ্গে প্ৰাণ হেৰুৱাৰ খবৰ লাভ কৰাৰ লগে লগেই শিৱসাগৰৰ হৃষীকেশে ব্ৰত আৰম্ভ কৰে৷ কালি নিচেই পুৱাতেই তিনি বস্ত্ৰ পৰিধান কৰি ৰাওনা হ’ল গুৱাহাটীলৈ৷ জনপ্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধলৈকে ব্ৰতত থাকিব শিৱসাগৰীয়া যুৱকজন৷
শোকত ভাগিপৰা হৃষীকেশে আজি অসমীয়া প্ৰতিদিন ডিজিটেলৰ আগত এইবুলি মনোভাৱ ব্যক্ত কৰে— মই যোৱা পোন্ধৰ আৰু ষোল্ল ছেপ্টেম্বৰত জুবিনদাৰ লগত আছিলো৷ “ ৰৈ ৰৈ বিনালে” বোলছবিখনৰ সম্পাদনাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে তেওঁক সময়ৰ প্ৰয়োজন আছিল৷
আমি ছিংগাপুৰ যোৱাৰ পৰা জুবিনদাক বিৰত থাকিবলৈ অনুৰোধ জনাইছিলো৷ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত কৰাৰ যুক্তি ক’ত বুলি আমি প্ৰশ্ন কৰিছিলো৷ জুবিনদাৰো যোৱাৰ ইচ্ছা নাছিল৷ কামোৰ খাইহে যাবলৈ ওলাইছো বুলি তেওঁ আমাক কৈছিল৷ তদুপৰি ছিংগাপুৰত এই অনুষ্ঠান পতাৰ বাবে টকা আৰু অনুমতি দিয়া বুলিও জুবিনদাই কৈছিল৷
হৃষীকেশে কয় জুবিনদাই নিশা মূৰ্গী মাংসৰ লগত ডিমৰুৰ গুটিৰে আঞ্জা কৰি ভাত খাবলৈ ইচ্ছা কৰিছিল৷ তেওঁ সাৰঘুলীৰ ঘৰৰ কাষত কেতিয়াবাই ডিমৰু গছ ৰোপণ কৰিছিল৷
ডিমৰু গছৰ পৰা গুটি অলপ ছিঙি আনি তেওঁ মোক ৰান্ধিবলৈ নিৰ্দেশ দিলে৷ দাদাৰ নিৰ্দেশ আখৰে আখৰে পালন কৰিলোঁ ৷নিশা আমি সকলোৱে পৰম তৃপ্তিৰে এসাজ খালো৷ জুবিনদাক মই কিমান বাৰ খাদ্য ৰান্ধি খোৱাইছো তাৰ হিচাপ নাই৷ হৃষীকেশে কয় এতিয়াৰে পৰা এনে সেৱা কৰাৰ পৰা বঞ্চিত হ’লো৷
জুবিন গাৰ্গ ধ্যান ধাৰণাৰ বিষয়ে হৃষীকেশে কয় কেইটামান বছৰৰ পূৰ্বে জুবিনদাৰ লগত মই শিৱসাগৰৰ ঐতিহাসিক নপুখুৰীৰ পাৰৰ গছৰ তলত এটা উজাগৰী নিশা পাৰ কৰিছিলোঁ৷ সেই নিশা বতৰটো আছিল গোমা৷ এজাক বতাহে আমাক স্পৰ্শ কৰিছিল৷
পুৱতি নিশা ধৰালৈ এজাক বৰষুণ আহিব বুলি ধাৰণা কৰিছিলো৷ বতাহে আমাক কোবাই গৈছিল৷ জুবিনদাৰ লগত ময়ো মৌন হৈ সময় পাৰ কৰিছিলো৷ হৃষীকেশে কয় এটা সময়ত জুবিনদাই মৌনতা ভাঙি ক’লে জীৱন কি অনুভৱ কৰ৷ বতাহজাকৰ দৰেই জীৱন৷ এই আছে আৰু এই নাই৷
মোৰবাবে এইবোৰ কথা অবুজ সাথঁৰৰ দৰে৷ মই তেওঁৰ মুখলৈ চালো৷ দাদাৰ চকুকেইটা উজ্জ্বল হৈ ধৰা দিলে৷ এটা নিশা নপুখুৰীৰ পাৰৰ ৰুদ্ৰসিংহ এথেনিক ভিলেজৰ কোঠাত জুবিন গাৰ্গৰ চকুত চকুপানী বৈ পৰাৰ প্ৰসংগত কয় তেওঁ বৰ কোমল অন্তৰ মানুহ আছিল৷ বিপদাপন্ন আৰু অভাৱগ্ৰস্ত মানুহৰ বাবে তেওঁৰ হৃদয়খনে প্ৰায়ে হাহাকাৰ কৰিছিল৷
হৃষীকেশে কয় এদিন জুবিনে মোক অনাথ শিশু সকলৰ লগত সময় পাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰে৷ শিশু সকলৰ খোৱা আৰু অহা যোৱা কৰাৰ সমস্ত খৰচ জুবিনদাই কৰে৷ মই শতিধিক অনাথ শিশুক ৰিজৰ্টলৈ অনাৰ ব্যৱস্থা কৰিলো৷
গোটেই দিনটো অনাথ শিশুৰ সৈতে তেওঁ সময় পাৰ কৰিলে৷ অনাথ শিশুৰ মুখৰ গীত শুনিলে৷ তাহঁতৰ জীৱন সংগ্ৰামৰ বিষয়ে জানিলে৷ অনাথ শিশুবোৰ যোৱা পিছত ৰিজৰ্টৰ কোঠাত সোমাই জুবিনদাই সৰু ল’ৰাৰ দৰে উচুপি উচুপি কান্দিলে৷
অনাথ শিশুৰ জীৱন পৰিক্ৰমাই তেওঁক সেইদিনা বাৰুকৈয়ে দুৰ্বল কৰি তুলিছিল৷ হৃষীকেশে কয় তেওঁ বৰ নিৰহংকাৰী মানুহ আছিল৷ নিস্বাৰ্থভাবে মানুহক ভাল পাইছিল৷ হ’লে নপুখুৰীৰ পাৰত বলা বতাহজাকৰ দৰে তেওঁ হঠাৎ নাইকিয়া হৈ গ’ল৷ নপুখুৰীৰ পাৰত বলা বতাহলৈ জুবিনদাই আৰু কোনো দিনাই অপেক্ষা নকৰে৷