জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্তঃ নেমকেয়াৰ হস্পাতালৰ কোন চিকিৎসকক তলব এছ আই টিৰ...

জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ ঘটনা ৫০দিন পাৰ হ'ল। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ চলা তদন্তক লৈ এছ আই টিয়ে ইতিমধে শতাধিক লোকক তলব কৰি ভাষ্য গ্ৰহণ কৰিছে। শনিবাৰৰ দিনটোত এছ আই টিয়ে তলব কৰিছে

author-image
Asomiya Pratidin
New Update
kjjjdd

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ ঘটনা ৫০দিন পাৰ হ'ল। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ চলা তদন্তক লৈ এছ আই টিয়ে ইতিমধে শতাধিক লোকক তলব কৰি ভাষ্য গ্ৰহণ কৰিছে। শনিবাৰৰ দিনটোত এছ আই টিয়ে তলব কৰিছে গুৱাহাটীৰ নেমকেয়াৰ হস্পাতালৰ এগৰাকী চিকিৎসকক।

উল্লেখ কৰা প্ৰয়োজন যে, নেমকেয়াৰ হস্পাতালত দীৰ্ঘদিন ধৰি চিকিৎসা কৰোৱাই আছিল জুবিন গাৰ্গে। এক সূত্ৰৰ খবৰ অনুসৰি, এছ আই টিয়ে তলব কৰা চিকিৎসকগৰাকী হৈছে হস্পাতালখনৰ মনোৰোগ বিশেষজ্ঞ। জুবিন গাৰ্গৰ মানসিক স্বাস্থ্যৰ সন্দৰ্ভত এই চিকিৎসকগৰাকীয়ে চিকিৎসা সেৱা আগবঢ়াইছিল।

উল্লেখ কৰা প্ৰয়োজন যে, এছ আই টিয়ে ইতিমধ্যে জুবিন গাৰ্গে পূৰ্বে চিকিতসা কৰোৱা মুম্বাইৰ এখন হস্পাতালৰ পৰাও সবিশেষ তথ্য সংগ্ৰহ কৰিছে। 

জুবিন গাৰ্গ