গহপুৰৰ বালি চাপৰিত জুবিন গাৰ্গ স্মৃতি উদ্ভিদ উদ্যান

উদ্যানত জুবিন গাৰ্গৰ স্মৃতিত জুবিন অনুৰাগী, স্থানীয় ৰাইজ সহযোগত ১৫ পৰা ২৫ ফুটৰ ২০ জোপা জুবিন বৃক্ষ অৰ্থাৎ নাহৰ গছ ৰোপন কৰা হয়

author-image
Asomiya Pratidin
New Update
new ap web zg
ডিজিটেল সংবাদ, গহপুৰ : গহপুৰত জুবিন গাৰ্গৰ স্মৃতিত প্ৰায় ১০ হেজাৰ বিঘা মাটিত বুৰৈ নদী বালিচৰ চাপৰিত জুবিন গাৰ্গ স্মৃতি উদ্ভিদ উদ্যান মুকলি কৰা হয় । হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসেৰে প্ৰকৃতিপ্ৰেমী বৃক্ষ মানৱ আৰু "আমাৰ বনানিৰ" উদ্যোগত গমিৰিবাসী ৰাইজ  সহযোগত গহপুৰৰ বুৰৈ চাপৰিত প্ৰায় ১০ হেজাৰ বিঘা মাটিকালিৰে আবৰা এলেকাত জুবিন গাৰ্গ মেম'ৰিয়েল উদ্ভিদ উদ্যান (ব'টানিকেল গাৰ্ডেন) নামত উচৰ্গা কৰা হৈছে  । 
উক্ত উদ্যানত জুবিন গাৰ্গৰ স্মৃতিত জুবিন অনুৰাগী, স্থানীয় ৰাইজ সহযোগত ১৫ পৰা ২৫ ফুটৰ ২০ জোপা জুবিন বৃক্ষ অৰ্থাৎ নাহৰ গছ ৰোপন কৰা হয় । প্ৰণিধানযোগ্য যে, জুবিন গাৰ্গে উক্ত উদ্যানখন নিজে হাতে মুকলি কৰা কথা আছিল । ২০১৭ চনৰ পৰা এই গছ কেইজোপা বকুল গগৈয়ে যত্ন কৰি ৰাখিছিল।
উক্ত উদ্ভিদ উদ্যানত আছে প্ৰায় ৩০০ ভিন্ন প্ৰকাৰৰ উদ্ভিদ । উল্লেখ্য যে, সমুহ অসমবাসী তথা জুবিন অনুৰাগীক উদ্ভিদ উদ্যানখনত গছপুলি ৰোপণৰ বাবে আহ্বান জনায় "আমাৰ বনানীৰ" সঞ্চালক তথা বৃক্ষ মানৱ বকুল গগৈয়ে ।
জুবিন গাৰ্গ