/asomiyapratidin/media/media_files/2025/10/01/new-ap-web-6-1-2025-10-01-17-56-16.jpg)
ডিজিটিলে ডেস্কঃ জুবিনৰ মৃত্যুৰ পাছতে প্ৰাৰ্থনালৈ ৰূপান্তৰ হোৱা ‘মায়াবিনী’ দালালৰ হাতোৰাত পৰি স্প'টিফাইকে ধৰি বিভিন্ন অনলাইন প্লে’টফৰ্মৰ পৰা হঠাৎ নোহোৱা হৈ পৰিছিল। গীতটোৰ কপিৰাইট নিজৰ দখললৈ নিছিল একাংশ দালালে।
জুবিনৰ মৃত্যুৰ শোকৰ সাগৰত সমগ্ৰ অসম ডুব গৈ থকাৰ মাজতেই সংঘটিত এনে কাৰ্যই বিতৰ্কৰ সূচনা কৰিছিল যদিও জুবিনৰ ন্যায়াৰ দাবী সৱল কৰি তোলাৰ বাবেই এই বিষয়ে চৰ্চা কিছু কমকৈ হৈছিল। কিন্তু একাংশৰ প্ৰচেষ্টাত এতিয়া জুবিনৰ 'মায়াবিনী' দালালাৰ হাতোৰাৰ পৰা মুক্ত হৈছে।
সীমান্ত শেখৰৰ প্ৰচেষ্টাত দালালৰ হাতত পৰা 'মায়াবিনী'ক উদ্ধাৰ কৰি ইয়াৰ কপিৰাইট সঠিক ব্যক্তিৰ হাতত তুলি দিয়াৰ উপৰিও ৰয়েলিটিৰ এটা অংশ গৰিমা শইকীয়া গাৰ্গকো প্ৰদান কৰিব বুলি জনাইছে। আজি সামাজিক মাধ্যমৰ জৰিয়তে ভাস্কৰ পাপুকন গগৈয়ে এই বিষয়ে উল্লেখ কৰিছে।
তেওঁ ফেচবুকত লিখিছে, ''সীমান্ত শেখৰৰ প্ৰচেষ্টাত 'মায়াবিনী' গীতটিৰ প্ৰযোজক নিলোৎপল চৌধুৰীৰ হাতত পাইছে। তেওঁ গৰিমা বৌৰ লগত ৰয়েলিটি ভগাই ল’ব। অতি সোনকালে স্পষ্টিফাই আৰু এপল মিউজিকত উপলব্ধ হ’ব। ইমান দিনে ভুৱা পৰিবেশন কৰি থকা কেইটাৰ ওপৰত আইনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। বিশেষকৈ আছাম টিউন আৰু ভাইটি মিউজিকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব।''
উল্লেখ্য যে, মূলতঃ বাংলাদেশৰ ভিউৱাৰ্ছক লক্ষ্য কৰি লৈ কনটেণ্ট ক্ৰিয়েটৰ হিচাপে আত্মপ্ৰকাশ কৰি ভাইটি মিউজিক লেবেল মুকলি কৰা দালাল মুস্তাফিজুৰ জুবিনৰ মৃত্যুৰ পাছতে 'মায়াবিনী'ৰ কপিৰাইট নিজৰ হাতলৈ নিয়াৰ কথা মুকলিকৈ সামাজিক মাধ্যমত ঘোষণা কৰিছিল। তাৰ পাছতেই তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।
জুবিনৰ সৈতে দূৰ দূৰলৈকে কোনো সম্পৰ্ক নথকা আনকি জুবিনৰ গীতৰ সৈতেও সম্পৰ্ক নৰখা মুস্তাফিজুৰে 'মায়াবিনী'ক কিদৰে নিজৰ দখললৈ নিবলৈ দুঃসাহস কৰিছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল।