জুবিনে বিচৰা মতেই হ'ব সকলো! লুইতৰ পাৰতে জিৰাব, প্ৰাণ ভৰি ভালপোৱা মাজুলীখনলৈ ৰ লাগি চাব...

সকলো জুবিনে বিচৰা মতেই হ’ব। জুবিনে যি কৈছিল সেয়াই হ’ব! লুইতক প্ৰাণভৰি ভাল পাইছিল জুবিনে। লুইটৰ বুকুত নিথৰ দেহ উটুৱাই দিবলৈ মুকলিকৈ আহ্বান জনাইছিল তেওঁ।

author-image
Tushar Pratim
New Update
new ap web 2 (21)

ডিজিটেল ডেস্কঃ সকলো জুবিনে বিচৰা মতেই হ’ব। জুবিনে যি কৈছিল সেয়াই হ’ব! লুইতক প্ৰাণভৰি ভাল পাইছিল জুবিনে। লুইটৰ বুকুত তেওঁৰ নিথৰ দেহ উটুৱাই দিবলৈ মুকলিকৈ আহ্বান জনাবলৈয়ো তেওঁ কুণ্ঠাবোধ কৰা নাছিল। লুইতৰ সৈতে বিলিন হৈ যাব বিচাৰিছিল তেওঁ।

মাজুলীৰ প্ৰতি এটা বিৰাট টান আছিল জুবিনৰ। নদী দ্বীপ মাজুলীকো ভাল পাইছিল জুবিনে। মাজুলীৰ বাবে গাইছিল গান। কমলাবাৰী, নিমাতী আদি ঘাটত জুবিনে জিৰাইছিল। যোৰহাট জুবিনৰ ঘৰুৱা ঠাই। জুবিনৰ প্ৰাৰম্ভিক সাংস্কৃতিক সাধনাৰো কেন্দ্ৰস্থল আছিল যোৰহাট। 'অনামিকা' এলবামৰ যাত্ৰাও আৰম্ভ হৈছিল যোৰহাটৰ পৰাই। 

‘দেহৰ ভৰসা নাই’ গীতত জুবিনে গাইছিল তেওঁ মৰিলে ‘চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলৈ বুলি’। তেওঁ বিচৰা মতেই যেন তেওঁক লৈ যোৱা হ'ব নৈৰ ঘাটলৈ।

নদী, পানী, প্ৰকৃতিৰ মাজত থাকি ভাল পাইছিল জুবিনে। প্ৰকৃতিৰ সৈতে মিলি থাকিব বিচাৰিছিল তেওঁ। কংক্ৰিট মহানগৰীতো সেয়ে নিজৰ বাসগৃহক এখন অৰণ্যৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। ৰোপণ কৰিছিল বিভিন্ন গছ। সেই গছত জিৰাইছে বহু পক্ষীয়ে। তেওঁ ৰোপণ কৰা গছৰ ফল খাইছে বান্দৰে।

মৃত্যুৰ পূৰ্বে জুবিনে বহুবাৰ কৈছিল- 'মোৰ মৃত্যুত মায়াবিনি বজাই দিব'। আজি আকাশে বতাহে কেৱল ভাঁহি আছে ‘মায়াবিনি’। জুবিনে বিচৰা মতেই হৈ আছে সকলো। জুবিনৰ শেষকৃত্যও তেওঁ বিচৰা মতেই হ’ব। 

যদিও চৰকাৰে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই তথাপিও ইতিমধ্যে যোৰহাটত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। জিলা প্ৰশাসন আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ব্যস্ত হৈ আছে জুবিনৰ শেষ ঠিকনাৰ সন্ধানত। 

অসম কৃষি বিশ্ববিদ্যালয়ে যোৰহাটৰ লিচুবাৰীত ৫ বিঘা ভূমি দান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। টিয়কৰ চটাইতো ভূমি দিবলৈ সাজু। কিন্তু এই দুই স্থানৰ পৰিবেশৰ সৈতে জুবিন যেন মিলিব নোৱাৰিব।

ইয়াৰ বিপৰীতে যোৰহাট-মাজুলী সংযোগী নৱ নিৰ্মিত দলঙৰ কাষত, নিমাতী ঘাটত জুবিনৰ শেষ ঠিকনা হোৱাৰ সম্ভাৱনাই প্ৰৱল হৈ পৰিছে। নদী-প্ৰকৃতি-মাজুলী-যোৰহাট-জুবিনৰ সমন্বয়ৰ এক উৎকৃষ্ট স্থলী হৈ পৰাৰ প্ৰৱল সম্ভাৱনা আছে নিমাতীঘাটৰ কাষৰ ঠাইখিনি।

সেয়ে বাতৰি লিখাৰ সময়ত এতিয়া তাতেই ভূমিৰ সন্ধানত ব্যস্ত আছে হিতেন্দ্ৰনাথ গোস্বামী আৰু জিলা আয়ুক্তগৰাকী। সকলো ঠিকেই থাকিলে চিৰ দিনলৈ লুইতৰ পাৰত, মাজুলী-যোৰহাটৰ সংযোগস্থলতে জিৰাব অসমী আইৰ প্ৰাণৰ শিল্পীগৰাকীয়ে। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই। তাৰ বাবে ৰ’ব লাগিব আৰু কিছু সময়লৈ।

জুবিন গাৰ্গ