/asomiyapratidin/media/media_files/2025/09/30/zubeen-30-2025-09-30-21-01-09.jpg)
ডিজিটেল সংবাদ, জাগীৰোডঃ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহে যদি সচাকৈয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত হোৱাটো বিচাৰিছে তেন্তে সকলো ৰাইজে আৰু দল-সংগঠনে তদন্ত আয়োগ গঠনৰ দাবী কৰা উচিত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত বৰ্তমান কৰ্মৰত দুগৰাকী ন্যায়াধীশক লৈ তিনিজনীয়া তদন্ত আয়োগ গঠন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক সকলোৱে অনুৰোধ জনোৱা উচিত বুলি অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই কয়।
আজি মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই এখন পত্ৰ প্ৰেৰণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক শীঘ্ৰে এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত আৰু বৰ্তমান কৰ্মৰত দুগৰাকী ন্যায়াধীশকলৈ তিনিজনীয়া তদন্ত আয়োগ গঠন কৰিবলৈ অনুৰোধ জনায়। আয়োগক ১৫ ৰ পৰা ২০ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি চৰকাৰক প্ৰতিবেদন দিবলৈ নিৰ্দেশ জাৰি কৰিবলৈও কয়।
যিহেতু জুবিনৰ হত্যাকাণ্ডৰ লগত চৰকাৰৰ সৈতে অতিশয় ঘনিষ্ঠ সম্পৰ্ক থকা লোক জড়িত আছে সেয়ে চি বি আই, চি আই ডি, এছ আই টিৰ তদন্তৰ পৰা ন্যায় আশা কৰা সম্ভৱ নহয় বুলি মহাসংঘই স্পষ্ট ভাবে কয়। চৰকাৰৰ উল্লিখিত তদন্ত এজেন্সীবোৰে চৰকাৰৰ ইচ্ছা অনুসৰিয়েই কাম কৰিব লাগিব।
জুবিনৰ হত্যাকাণ্ড সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা গোচৰৰো শুনানি দীঘলীয়া কৰি ন্যায় পোৱাত কৌশলগত ভাবে লেহেমীয়া কৰি হত্যাকাৰীক সুৰক্ষিত হ'বলৈ সুযোগ উলিয়াই দিয়াৰ ১০০ শতাংশ সম্ভাৱনা আছে। সেয়ে একমাত্ৰ স্বতন্ত্ৰ ন্যায়িক তদন্ত আয়োগ হলেহে হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন হ'ব বুলি মহাসংঘই দৃঢ়তাৰে বিশ্বাস কৰে।
চৰকাৰৰ সৈতে ঘনিষ্ঠ লোক জড়িত থকাৰ বাবেই তদন্ত আয়োগেও ৯০ শতাংশহে ন্যায় দিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি বুলিও মহাসংঘই কয়। সকলো ৰাইজ আৰু জাতীয় দল-সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত এই দাবী জোৰদাৰ ভাবে উত্থাপন কৰা উচিত।
অন্যথা সকলো ফুটুকাৰ ফেন হ'ব। অসম সন্মিলিত মহাসংঘই ১৯ ছেপ্তেম্বৰতে তিনিজনীয়া ন্যায়াধীশক লৈ ন্যায়িক তদন্ত আয়োগ গঠনৰ দাবী উত্থাপন কৰিছিল। মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বাৰ্তাত এই কথা কয়।