কোনে পানীত নামিবলৈ উচটাইছিল জুবিনক ?

ভিডিঅ'টোত এজনে কৈছে, "জুবিন দা লাইফ জেকেট লাগিব নেকি?" উত্তৰত জুবিনে কৈছে, "লাইফ জেকেটটো পিন্ধি লওঁ।" তেনে সময়তে পিছৰ পৰা এজনে ক'লে, "নালাগে, এনেকৈ নামা।"

author-image
Asomiya Pratidin
New Update
web ap new format 2024

ডিজিটেল ডেস্কঃ ভাইৰেল হৈছে জুবিন গাৰ্গৰ শেষ সময়ৰ আন এটা ভিডিঅ'। পোহৰলৈ আহিছে জুবিনে লাইফ জেকেট পৰিধান নকৰাকৈ সাঁতোৰাৰ দৃশ্য। মৃত্যুৰ পূৰ্বে কেমেৰাত বন্দী হৈছিল এই ভিডিঅ'।

ভিডিঅ'টোত দেখা গৈছে, পানীত নামিবলৈ বিশেষ ইচ্ছা কৰা নাছিল জুবিন গাৰ্গে। জুবিনক পানীত নামিবলৈ উচটাইছিল তেওঁৰে একাংশ সংগীয়ে। সেই সময়খিনিত জুবিনৰ সৈতে আছিল মেনেজাৰ সিদ্ধাৰ্থ, শ্বেখৰ গোস্বামী আৰু ভাতৃ সন্দীপন গাৰ্গ।  

ভিডিঅ'টোত প্ৰথমে দেখা গৈছে শ্বেখৰ গোস্বামীয়ে জুবিনক ‘ব’লা, তালৈ যাওঁ ব’লা’ বুলি কৈ পানীত নামি সিপাৰলৈ যাবলৈ অনুৰোধ জনাইছিল। তেতিয়া এজনে কৈছে, "জুবিন দা লাইফ জেকেট লাগিব নেকি?" উত্তৰত জুবিনে কৈছে, "লাইফ জেকেটটো পিন্ধি লওঁ।" তেনে সময়তে পিছৰ পৰা এজনে ক'লে, "নালাগে, এনেকৈ নামা।" লগতে ক'লে, "ঠেলি দিওঁ নেকি?" পিছে পিছফালৰ পৰা উচতাই থকা ব্যক্তিজন কোন সেইয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। 

ভিডিঅ'টো আন এজনে "জুবিন দাক লগত লৈ যোৱা" বুলি কোৱাৰ কণ্ঠস্বৰো শুনা হৈছে। ইয়াৰ পাছত কি হৈছিল সেইয়া ভিডিঅ'টোত নাই। তাৰ পাছতে সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনাটো, যিয়ে সকলোৰে পৰা কাঢ়ি নাছিল আপোন শিল্পী জুবিন গাৰ্গক।

এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে অনুৰাগী মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কোনেও সহজভাৱে লব পৰা নাই। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে দাবী উত্থাপন কৰিছে প্ৰতিজন লোকে।                   

জুবিন গাৰ্গ