আৰম্ভ হ'ল অসমভূমিত জুবিন গাৰ্গৰ অন্তিম যাত্ৰা...

জুইৰ উত্তপ্ত শিখা দপদপকৈ জ্বলি উঠিব। আকাশলৈ উৰিব সেই চিতাৰ পৰা ওলোৱা ধোঁৱা। এনেকৈয়ে বিলীন হৈ যাব এক সত্বা। নাম যাৰ জুবিন গাৰ্গ। সাক্ষী হ'ব অগণন জনতা।

author-image
Asomiya Pratidin
New Update
new ap web 1 (23)

ডিজিটেল ডেস্কঃ   আৰম্ভ হ'ল জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। জি এম চি এইচৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ নশ্বৰ দেহ অনা হৈছিল সৰুসজাইলৈ। তাৰ পৰাই প্ৰায় ১০ বজাত আৰম্ভ হয় অন্তিম যাত্ৰা। সেই একেই পৰিৱেশ আজিও।

অগণন মানুহক কন্দোৱাই উভতি নহাৰ বাটেৰে আগবাঢ়িছে জুবিন গাৰ্গ। বাটৰ দুইকাষে তেওঁক ভাল পোৱা মানুহবোৰে হাতবাউল দি জনালে বিদায়। সোণাপুৰত সাজু কৰি ৰখা অন্তিম শয়নত হ'ব তেওঁৰ শেষকৃত্য।

সৰুপথাৰৰ পৰা অনুৰাগীয়ে পঠিয়াই দিছে বগা চন্দন। সাজু হৈ আছে পুৰোহিত। তাৰ পাছতে তেওঁক চন্দনৰ খৰিৰে সজা চিতাত সোৱাই দিব। তেওঁৰ দেহৰ ওপৰত জাপি দিব চন্দনৰে খৰি। সেই চিতাত কেইটামান পাক মাৰি মুখাগ্নি কৰিব ভগ্নী পামীয়ে।

জুইৰ উত্তপ্ত শিখা দপদপকৈ জ্বলি উঠিব। আকাশলৈ উৰিব সেই চিতাৰ পৰা ওলোৱা ধোঁৱা। এনেকৈয়ে বিলীন হৈ যাব এক সত্বা। নাম যাৰ জুবিন গাৰ্গ। সাক্ষী হ'ব অগণন জনতা। এয়াইটো তেওঁৰ সৈতে শেষ দেখা।

গৰিমা শইকীয়া গাৰ্গ গৰিমা গাৰ্গ জুবিন গাৰ্গ