/asomiyapratidin/media/media_files/2025/10/13/jkjkkklkl-2025-10-13-09-31-42.jpg)
ডিজিটেল সংবাদ, খেৰণিঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ প্ৰাৰ্থনাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ৰাজহুৱা নামঘৰত দুপৰ নিশা পৰ্য্যন্ত চলিল নাম প্ৰসঙ্গ। খেৰণি লোকনির্মাণ বিভাগৰ চৌহদত অৱস্থিত ৰাজহুৱা নামঘৰত সন্ধিয়াৰ লগে লগে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ-দ্বীপ জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ডবা, শংখ, নেগেৰা-তাল আদি বজাই ভকত, আই-মাতৃসকলে আৰম্ভ কৰে নাম-কীৰ্তন।
এই নাম-কীৰ্তনেৰে আমাৰ মাজত কায়িকভাৱে নথকা মহান শিল্পীগৰাকীৰ মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায় বিচাৰি আইমাতৃ, ভকত বৈষ্ণৱসকলে ভগৱানৰ ওচৰত প্রার্থনা কৰা পৰিলক্ষিত হয়। একেদৰে ললিত কলা কেন্দ্ৰ, (অসম) আৰু অসম কলা কেন্দ্ৰ, (খেৰণি) ৰ উদ্যোগত একাংশ ছাত্ৰ-ছাত্ৰীৰ সহযোগত খেৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ দেৱালত দুপৰীয়া ভাগৰ পৰা হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিকৃতি অংকন কৰি সন্ধিয়াৰ লগে লগে বন্তি প্ৰজ্বলন কৰি "মায়াবিনী গীত" আওৰাই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাও পৰিলক্ষিত হয়।