/asomiyapratidin/media/media_files/2025/09/20/zubeen-kapil-20-2025-09-20-20-27-43.jpg)
ডিজিটেল ডেস্কঃ যোৰহাটবাসীৰ আশা আৰু বহুজনৰ দাবী তথা পৰিয়ালৰ ইচ্ছাৰ পাছতো যোৰহাটৰ পৰিবৰ্তে গুৱাহাটীৰ আশে-পাশেহে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। প্ৰায় এঘণ্টা পূৰ্বে ৰাজ্য চৰকাৰৰ দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী ক্ৰমে ৰণোজ পেগু আৰু বিমল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ গৈ এই সন্দৰ্ভত পৰিয়ালৰ সৈতে আলোচনাত মিলিত হয়।
জুবিনৰ পিতৃ কপিল বৰঠাকুৰৰ অসুস্থতাৰ বাবেই তেওঁলোকে ইচ্ছা থকাৰ পাছতো যোৰহাটৰ পৰিবৰ্তে গুৱাহাটীৰ আশেপাশেই জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাটো বিচাৰিছে। মধুমেহকে ধৰি অন্যান্য ৰোগত আক্ৰান্ত কপিল বৰঠাকুৰে দীঘলীয়া যাত্ৰা কৰিব নোৱাৰাৰ লগতে তেওঁৰ প্ৰস্ৰাৱ জনিত সমস্যাও আছে।
সেয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া আৰু জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰৰ লগতে তেওঁলোকৰ খুৰাকেও বিচাৰিছে গুৱাহাটীৰ আশেপাশেই হওঁক তেওঁৰ শেষকৃত্য। সেই অনুসৰিয়েই চৰকাৰ তথা প্ৰশাসনে মুঠ ছটা স্থানৰ প্ৰস্তাৱ কৰিছে। এই ছটা স্থানৰ ভিতৰতে যিকোনো এটা স্থানতে হ’ব জুবিন গাৰ্গৰ শেষকৃত্য। অৱশ্যে আনুষ্ঠানিকভাৱে এই কথা এতিয়ালৈকে ঘোষণা কৰা নাই প্ৰশাসন তথা চৰকাৰে।