/asomiyapratidin/media/media_files/2025/09/24/web-ap-sukleshwar-2025-09-24-12-58-13.jpg)
ডিজিটেল ডেস্কঃ ১৯ ছেপ্তেম্বৰত ভাৰতীয় সময় অনুসৰি দিনৰ ২:৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল অমৃত কণ্ঠ জুবিন গাৰ্গে। ২৩ মে’ৰ দিনৰ ১২:২৩ বজাত মুখাগ্নি হৈছিল শিল্পীগৰাকীৰ।
সোণাপুৰৰ কামাৰকুছিৰ হাতীমূৰাত শেষকৃত্য সম্পন্ন হৈ যোৱাৰ পাছতো আজিও সেই শেষকৃত্যৰস্থলীলৈ অনুৰাগীৰ আগমণ ঘটিয়েই আছে। উৰে নিশা সেই শেষকৃত্যৰস্থলীত থাকি অনুৰাগীয়ে জুবিনৰ চিৰ সেউজ গীতবোৰ গাই কান্দোনত ভাঙি পৰাৰ দৃশ্য সামাজিক মাধ্যম, সংবাদ মাধ্যমত বিয়পি পৰিছে।
আজি পুৱাৰে পৰা সেই শেষকৃত্যৰস্থলীত আগমণ ঘটিছে বহু অনুৰাগীৰ। শেষকৃত্যৰস্থলীত থকা জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জনাইছে। শেষকৃত্য হোৱা ঠাইখিনিত আঠুলৈ সেৱা কৰিছে।
অনুৰূপ ধৰণেই কাহিলীপাৰাৰ বাসগৃহলৈয়ো অনুৰাগীৰ আগমণ ঘটিয়েই আছে। বাদ পৰি ৰোৱা নাই শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীও। আজি বিদ্যালয় খুলিছে যদিও কাহিলীপাৰাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীও শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে আহি জুবিনলৈ শেষ শ্ৰদ্ধা জনাইছে। যোৱা ৫ ছেপ্তেম্বৰত এইসকল শিশুৰ সৈতেই সময় পাৰ কৰিছিল জুবিন গাৰ্গে।
কাহিলীপাৰাৰ বাসগৃহত এতিয়াও সংৰক্ষিত কৰি থোৱা আছে জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা কফিনটো। এই কফিনলৈয়ো চাই অনুৰাগীসকলে শ্ৰদ্ধা জনাইছে।
আনহাতে জুবিনৰ শেষকৃত্যৰ অনুষ্ঠানলৈ গৈ অধিক অসুস্থ হৈ পৰা পিতৃ কপিল বৰঠাকুৰৰ শাৰীৰিক অৱস্থা এতিয়া কিছু সুস্থিৰ হৈছে বুলিও জানিব পৰা গৈছে। জুবিনৰ পৰিয়ালে বাস কৰা এপাৰ্টমেণ্টৰ এগৰাকী আবাসীয়ে এই সদন্দৰ্ভত কয়, বৰ্তমান তেওঁ সুস্থ হৈছে। তেওঁৰ কথা কৈ আহিছে।
ইফালে আজি নিয়ম অনুসৰিয়েই জুবিনৰ পিণ্ডদান কাৰ্যসূচীও সম্পন্ন হ’ব। শুক্লেশ্বৰ ঘাটত তেওঁৰ পিণ্ডদান সম্পন্ন হ’ব। জুবিনে যিহেতু তেওঁক ব্ৰহ্মপুত্ৰতেই উটুৱাই দিবলৈ কৈ গৈছিল সেয়ে তেওঁৰ ইচ্ছা অনুসৰিয়েই তেওঁক পিণ্ডদান ব্ৰহ্মপুত্ৰতেই সম্পন্ন হ’ব। জুবিনৰ মুখাগ্নি কৰা ঋতু প্ৰয়াগ গাৰ্গ আৰু অৰুণ গাৰ্গ ইতিমধ্যে শুক্লেশ্বৰ ঘাটলৈ ৰাওনা হৈছে।