প্ৰতিবাদৰ নামত কোনো উত্তপ্ত কৰিব বিচাৰিছে যোৰহাট? ৰাজহুৱাকৈ প্ৰেছ ক্লাব জ্বলাই দিয়াৰো দিছে ভাবুকি...

অধিক উত্তপ্ত হৈছে যোৰহাটৰ পৰিস্থিতি। দেওবাৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটলৈ লৈ যোৱাৰ দাবীৰে অজন্তা বাইপাছত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জুবিনৰ অনুৰাগীয়ে অৱস্থান কৰি আছে। 

author-image
Tushar Pratim
New Update
প্ৰতিবাদৰ নামত কোনো উত্তপ্ত কৰিব বিচাৰিছে যোৰহাট? ৰাজহুৱাকৈ প্ৰেছ ক্লাব জ্বলাই দিয়াৰো দিছে ভাবুকি...

ডিজিটেল ডেস্কঃ অধিক উত্তপ্ত হৈ পৰিছে যোৰহাটৰ পৰিস্থিতি। দেওবাৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটলৈ লৈ যোৱাৰ দাবীৰে অজন্তা বাইপাছত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জুবিনৰ অনুৰাগীয়ে অৱস্থান কৰি আছে। 

ফলত বন্ধ হৈ আছে যাতায়ত। আনকি এইসকল জুবনিৰ অনুৰাগী পৰা প্ৰতিবাদকাৰীলৈ পৰিণত হোৱা এইসকলে আনি এম্বুলেঞ্চকো বাট এৰি দিয়া নাই। প্ৰশাসন, মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতিও নাই সহাৰি। 

একাংশৰ উচতনিত আঁকোৰগোজ স্থিতত থকা এইসকলে আনকি যোৰহাট প্ৰেছ ক্লাবৰ ওপৰতো আক্ৰমণ কৰাৰ হুংকাৰ দিছে। ৰাজহুৱাকৈ প্ৰেছ ক্লাব জ্বলাই দিয়াৰ ঘোষণা কৰিছে একাংশই। তেওঁলোকৰ প্ৰতিবাদ দেখি যোৰহাটৰ সচেতন ৰাইজো স্তম্ভিত হৈ পৰিছে। 

WhatsApp Image 2025-09-22 at 20.17.20

এনে পৰিস্থিতিত অজন্তা বাইপছত উপস্থিত হৈছে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল। প্ৰশাসনৰ এই বৃহৎ দলটো যিকোনো সময়ত হৈ পৰিব অত্যন্ত কঠোৰ।

উল্লেখ্য যে, দেওবাৰে নিশাৰে পৰা প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰাত ৰাজপথতে আৱদ্ধ হৈ আছে শ শ ইন্ধন ভৰ্তি ট্ৰাককে ধৰি অন্যান্য বাহন। 

WhatsApp Image 2025-09-22 at 20.17.24

আনকি আৱদ্ধ হৈ আছে জুবিনক শেষবাৰৰ বাবে এবাৰ চাবলৈ সৰুসজাইলৈ অহা তিনিচুকীয়া, ডিব্ৰুগ়ড়, শিৱসাগৰ আদিৰ অনুৰাগীও তাতেই আৱদ্ধ হৈ থাকিবলগীয়া হ’ল। ইফালে দেওবাৰে নিশাই যোৰহাটৰ প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ হোৱাৰ পোষকতা কৰিছিল যদিও দিছপুৰৰ বাবেই এই পৰ্যন্ত কঠোৰ হোৱা নাছিল। 

খবৰ অনুসৰি এটা চক্ৰই জুবিনৰ নশ্বৰদেহ যোৰহাটলৈ কঢ়িয়াই নিয়াৰ দাবীৰে প্ৰতিবাদক উত্তাল কৰি এনে এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ চক্ৰান্ত ৰচনা কৰিছে। ইফালে প্ৰতিবাদীসকলৰ মাজত জুবিন অনুৰাগী বহু কিশোৰকে ধৰি আনকি শিশুও থকাৰ বাবেই কঠোৰ হোৱাত দিছপুৰে বাধা দিছিল। 

WhatsApp Image 2025-09-22 at 20.17.22 (1)

কিন্তু পৰিস্থিতি অধিক জটিল হৈ পৰাৰ বাবে এতিয়া যিকোনো মুহূৰ্ততে যোৰহাট জিলা প্ৰশাসন কঠোৰ হ’বলৈ সাজু হৈছে। প্ৰতিবাদকাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াবলৈ লাঠি ছাৰ্জ কৰিবলৈয়ো প্ৰস্তুত আৰক্ষী, অৰ্ধসামৰিক বাহিনী।  

উল্লেখ্য যে, যোৰহাটৰ এইসকল প্ৰতিবাদকাৰীয়ে জুবিনৰ নশ্বৰদেহ যোৰহাটলৈ লৈ যোৱাৰ দাবী উত্থাপন কৰাৰ লগতে তাতেই তেওঁৰ সমাধি নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু জুবিনৰ ৮৫ বছৰীয়া অসুস্থ পিতৃক যোৰহাটলৈ লৈ যাব পৰা অৱস্থাত নথকাৰ বাবেই পৰিয়ালে গুৱাহাটীৰ আশে-পাশেই জুবিনৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। আনহাতে সময় অতিবাহিত হোৱাৰ লগে লগে জুবিনৰ প্ৰাণহীন শৰীৰো ফুলিবলৈ আৰম্ভ কৰিছে।

WhatsApp Image 2025-09-22 at 20.17.22

অৱশ্যে চৰকাৰে যোৰহাটবাসীৰ আবেগক সন্মান জনাই যোৰহাটলৈ জুবিনৰ ভস্ম লৈ যোৱাৰ লগতে তাতো অন্য এটা সমাধি নিৰ্মাণৰ সিদ্ধান্ত লৈছে। তাৰোপৰি তেওঁৰ আদ্য শ্ৰাদ্ধকে ধৰি বাকী অনুষ্ঠান যোৰহাটতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। তাৰ পাছতো এইসকল প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰি পৰিস্থিতি জটিল কৰি তুলিছে। 

জুবিন গাৰ্গ