New Update
/asomiyapratidin/media/media_files/2025/09/22/zubeen-jorhat-22-2025-09-22-03-02-27.jpg)
- যোৰহাট আৰক্ষীৰ গুৰুত্বপূৰ্ণ ট্ৰেফিক নিৰ্দেশনা।
- তিনিচুকীয়াৰ পৰা অহা যাত্ৰীসকলক যোৰহাট হৈ নাহিবলৈ আহ্বান।
- যোৰহাটত অৱৰোধ হৈ আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
- অজন্তা বাইপাছৰ কাষত, পশ্চিম দিশৰ পৰা যোৰহাট চহৰত প্ৰৱেশ কৰাৰ পূৰ্বেই অৱৰোধ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথটো।
- সেয়ে তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে অহা বাহনসমূহ অথবা গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে যোৱা বাহনক বিকল্প পথ ব্যৱহাৰৰ আহ্বান।
- যোৰহাট আৰক্ষীয়ে বিকল্প পথ হিচাপে উত্তৰ পাৰৰ পথ ব্যৱহাৰৰো পৰামৰ্শ আগবাঢ়াইছে।
- জুবিন গাৰ্গৰ শেষকৃত্য অথবা যোৰহাটলৈ জুবিনৰ নশ্বৰ দেহ এবাৰ লৈ যোৱাৰ দাবীৰে যোৰহাটত হাজাৰ হাজাৰ অনুৰাগীয়ে অৱৰোধ কৰিছে পথ।
- এই অৱৰোধে ক্ৰমশঃ ধাৰণ কৰিছে প্ৰতিবাদৰ ৰূপ।
- প্ৰতিবাদস্থলীত উপস্থিত হৈছে জিলা আয়ুক্তকে ধৰি আৰক্ষী, প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল।