বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পৰিদৰ্শন কৰিছে কেইবাটাও স্থান....

যোৰহাট হ'ব পাৰে জুবিনৰ শেষ ঠিকনা। মুখ্যমন্ত্ৰীয়ে সেইজ সংকেত দিয়াৰ পাছতে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পৰিদৰ্শন কৰিছে কেইবাটাও স্থান।

author-image
Asomiya Pratidin
New Update
new ap web  1 (1)

ডিজিটেল ডেস্কঃ যোৰহাটজুবিনৰ আপোন ঠাই। যোৰহাটতে জুবিনে পাৰ কৰিছে জীৱনৰ কেইবাটাও সেউজ বসন্ত। সেয়ে যোৰহাট হ'ব পাৰে জুবিনৰ শেষ ঠিকনা। মুখ্যমন্ত্ৰীয়ে সেইজ সংকেত দিয়াৰ পাছতে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পৰিদৰ্শন কৰিছে কেইবাটাও স্থান।

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ শেষ ঠিকনা যোৰহাট হব লাগে বুলি আহ্বান জনাইছিল বহুলোক, দল-সংগঠনে। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়েও জনাইছিল আহ্বান। 

ইফালে যোৰহাট কৃষি বিশ্ববিদ্যালয়ে জুবিনৰ অন্তিম সৎকাৰৰ বাবে যোৰহাটৰ লিচুবাৰীত দান কৰিছে ৫ বিঘা ভূমি। অসম চৰকাৰক এই প্ৰস্তাৱ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আন এক সূত্ৰৰ মতে, টিয়কৰ চটাইত সম্পন্ন হব জুবিনৰ শেষকৃত্য। অৱশ্যে এতিয়ালৈ আনুষ্ঠিনকভাৱে হোৱা নাই কোনো ঘোষণা।

জুবিন গাৰ্গ