/asomiyapratidin/media/media_files/2025/09/23/jorhat-road-22-2025-09-23-00-01-27.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত প্ৰত্যাহাৰ কৰিলে যোৰহাটৰ পথ অৱৰোধ। জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটলৈ লৈ যোৱাৰ লগতে তাতেই শেষকৃত্য সম্পন্ন কৰাৰ দাবীৰে কালিৰে পৰা অৱৰোধ কৰি ৰাখিছিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
অজন্তা পথৰ বাইপাছত ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি ৰখাৰ বাবেই স্তব্ধ হৈ পৰিছিল যাতায়ত। আনকি এই পথেৰে যাবলৈ দিয়া হোৱা নাছিল এম্বুলেঞ্চো। আজি সন্ধিয়াৰে পৰা অধিক উত্তপ্ত হৈ পৰা এই প্ৰতিবাদস্থলীতে একাংশই আনকি যোৰহাট প্ৰেছ ক্লাব জ্বলাই দিয়াৰো মুকলি ভাবুকি দিছিল।
যোৰহাট আৰক্ষী প্ৰশাসনে শক্তি প্ৰয়োগ নকৰাকৈ এই অৱৰোধ প্ৰত্যাহাৰৰ বাবে কালিৰে পৰা প্ৰচেষ্টা চলাই আছিল। আজি কিছু সন্ধিয়া যোৰহাট আৰক্ষীৰ এটা বৃহৎ দলে এই অৱৰোধস্থলীত উপস্থিত হোৱাৰ লগতে পথ মুকলি কৰিবলৈ প্ৰয়োজনত শক্তি প্ৰয়োগ কৰিবলৈয়ো সাজু হয়। তাৰ পাছতেই ১১-৩০ বজাত অৱৰোধকাৰীসকলে পথটো মুকলি কৰি দিয়ে।
উল্লেখ্য যে, তেওঁলোকে জুবিন গাৰ্গৰ নশ্বৰদেহ যোৰহাটলৈ লৈ যাবৰ বাবে প্ৰতিবাদ কৰিছিল যদিও জুবিনৰ গাৰ্গৰ ৮৫ বছৰীয়া অসুস্থ পিতৃৰ বাবেই সেয়া সম্ভৱ নহয় বুলি অত্যন্ত সন্মান আৰু শ্ৰদ্ধাসহকাৰে গৰিমা শইকীয়া গাৰ্গে চৰকাৰক অৱগত কৰিছিল।
তাৰ পাছতেই চৰকাৰেও যোৰহাটবাসীৰ আৱেগক সন্মান জনাই যোৰহাটত জুবিনৰ দ্বিতীয়টো সমাধিক্ষেত্ৰ নিৰ্মাণ কৰাৰ লগতে আদ্যশ্ৰাদ্ধও অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল।