/asomiyapratidin/media/media_files/2025/09/22/whatsapp-image-2025-09-22-15-12-11.jpeg)
ডিজিটেল ডেস্কঃ যোৰহাটত পালন কৰা হ’ব জুবিনৰ ১৩দিনীয়া মাংগলিক অনুষ্ঠান। এই অনুষ্ঠানত যোৰহাটত থাকিব গৰিমা গাৰ্গসহ পৰিয়ালৰ বাকী সদস্যসকল। ১৩ দিনৰ দিনাই যোৰহাটলৈ নিয়া হ’ব জুবিনৰ চিতাভস্ম। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিলে সেই তথ্য।
ইফালে কাইলৈ পূৱা ৮ বজাত আৰম্ভ হব জুবিনৰ শেষযাত্ৰা। জুবিনৰ এই শেষযাত্ৰাত সোণাপুৰলৈ কেৱল ৫ৰ পৰা ৭ হাজাৰ মানুহহে আহিব পাৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। যাৰবাবে নিজ নিজ স্থানতে জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠান চাবলৈ গুণমুগ্ধক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। কাইলৈ অসমৰ সকলো স্থানতে বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়, বিশ্ববিদ্যালয়।
আনহাতে, সৰুসজাইৰ পৰা সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীলৈ জুবিন গাৰ্গৰ শেষ যাত্ৰা সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং কৰা হ'ব। চৰকাৰীভাৱে জিলাই জিলাই বিভিন্ন স্থানত কৰা হব LED স্ক্ৰীনৰ ব্যৱস্থা। গাওঁসমূহত ৰাজহুৱা স্থানত টিভিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
লগতে কাইলৈ জুবিনৰ শেষযাত্ৰাত ইচ্ছাকৃতভাৱে খেলিমেলি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। আনকি সৰুসজাই আৰু বিমান বন্দৰত উতপাত কৰাসকলকৰ বিৰুদ্ধেও লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে।
উল্লেখযোগ্য যে, জুবিনক সন্মান জনাই আজি আৰু কাইলৈ ৰাজ্যত DRY DAY ঘোষণা কৰা হৈছে। মেঘালয় চৰকাৰেও যোৰাবাটৰ সমগ্ৰ পথটোত থকা সকলো মদৰ দোকান আজি আৰু কাইলৈ বন্ধ ৰাখিব বুলি সদৰী কৰে।