মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই যতীন বৰাই কৈছো-প্ৰাণৰ শিল্পী, মোৰ বন্ধু জুবিনৰ ঘটনাৰ উচিত তদন্ত হওঁক...

জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত সমগ্ৰ ৰাজ্য শোকৰ সাগৰত ডুব যোৱাৰ সমান্তৰালকৈ এই ঘটনাৰ উচিত তদন্তৰ দাবী তীব্ৰতৰ হৈছে। এতিয়ালৈকে এই সন্দৰ্ভত দাখিল হৈছে ৫০ খনৰো অধিক এজাহাৰ।

author-image
Tushar Pratim
New Update
WhatsApp Image 2025-09-21 at 23.47.05

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পাছত সমগ্ৰ ৰাজ্য শোকৰ সাগৰত ডুব যোৱাৰ সমান্তৰালকৈ এই ঘটনাৰ উচিত তদন্তৰ দাবীও তীব্ৰতৰ হৈছে। এতিয়ালৈকে ৰাজ্যত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদিৰ বিৰুদ্ধে ৫০ খনৰো অধিক এজাহাৰ দাখিল হৈছে। 

তাৰ মাজতেই আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে ছিংগাপুৰৰ প্ৰশাসনে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণ পত্ৰ। এই প্ৰমাণ পত্ৰত স্পষ্টকৈ উল্লেখ আছে তেওঁৰ মৃত্যু হৈছিল পানীত ডুবি। এই প্ৰমাণ পত্ৰ দেখাৰ পাছতে এতিয়া অভিনেতা, জুবিনৰ বন্ধু যতীন বৰাই সামাজিক মাধ্যমৰ জৰিয়তে দাবী তুলিলে ঘটনাৰ উচিত তদন্তৰ।

তেওঁ মুখ্যমন্ত্ৰীক উদ্দেশ্যি সামাজিক মাধ্যমত অসমৰ জনসাধাৰণৰ লগতে মই যতীন বৰাও এই মৃত্যুৰ উচিত তদন্ত হোৱাটো বিচাৰো বুলি উল্লেখ কৰিছে। তেওঁ লিখিছে- মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, কিছু সময়ৰ পূৰ্বে আমি সকলোৱে প্ৰত্যক্ষ কৰিলোঁ , অসমৰ প্ৰাণৰ শিল্পী জুবিন গাাৰ্গৰ ডেথ্ চাৰ্টিফিকেটত পানীত ডুবি মৃত্যু হোৱা বুলি উল্লেখ আছে ।

অসমৰ প্ৰতিজন জনসাধাৰণৰ লগতে মই যতীন বৰাও এই মৃত্যুৰ উচিত তদন্ত হোৱাটো বিচাৰো যাতে সকলোৰে প্ৰাণৰ শিল্পী লগতে মোৰ সহকৰ্মী, মোৰ বন্ধুজুবিন গাৰ্গৰ মৃত্যৰ আঘাত লগতে প্ৰশ্ন প্ৰতিজন অসমীয়াৰ বুকুতথাকি নাযায়।ধন্যবাদেৰে, যতীন বৰা।

জুবিন গাৰ্গ