/asomiyapratidin/media/media_files/2025/09/25/biswanath-25-2025-09-25-10-08-51.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ছিংগাপুৰৰ সেই ঘটনাক লৈ তদন্তৰ দাবীৰে জনমত গঠন হৈছে। অসম চৰকাৰেও ইতিমধ্যে অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰ নেতৃত্বৰ গঠন কৰিছে এছ আই টি।
তাৰ মাজতেই বুধবাৰে বিশ্বনাথ আৰক্ষীয়ে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি এই ব্যক্তিগৰাকীয়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত দোষিক কৰায়ত্ত কৰাৰ বিষয়ত বিভিন্ন অশ্লীল ভাষাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰিছিল।
সত্যজিত তামুলি নামৰ এই যুৱকজনৰ এনে আচৰণৰ বাবে বুধবাৰে সন্ধিয়াই বিশ্বনাথ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাপ কৰিছে আৰু ইতিমধ্যে কাৰাগাৰলৈ নিক্ষেপ কৰিছে। উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু ইয়াৰ বাবে জগৰীয়া ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী তীব্ৰতৰ হৈছে।
সামাজিক মাধ্যমতো প্ৰৱল জনমত গঢ়ি উঠিছে। তাৰ মাজতেই এই পৰ্যন্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে মূল অভিযুক্তসকলক কৰায়ত্ত নকৰাক লৈ ক্ষোভ বাঢ়িছে একাংশৰ।