চি আই ডিয়ে জুবিনৰ মৃত্যুৰ ১৮/২০২৫ নম্বৰৰ গোচৰৰ সৈতে নতুনকৈ সংযোজন কৰিলে BNS ৰ হত্যাৰ ধাৰা

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰ সৈতে নতুনকৈ ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ নম্বৰ ধাৰা সংযোজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 3 (21)

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰ সৈতে নতুনকৈ ভাৰতীয় ন্যায় সংহিতাৰ এটা ধাৰা সংযোজন কৰা হৈছে। জানিব পৰা মতে এই গোচৰৰ সৈতে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। 

হত্যাকাণ্ডৰ গোচৰত সংযোজন কৰা হয় ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা। পূৰ্বে এই গোচৰৰ সৈতে সংযোজন কৰা হৈছিল ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫, ১০৬(১) ধাৰা। মন কৰিবলগীয়া যে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰাত যদি কোনো ব্যক্তি দোষী সাব্যস্ত হয় তেন্তে তেওঁৰ আজীৱন কাৰাবাস অথবা ফাঁচী পৰ্যন্ত হ'ব পাৰে। 

চি আই ডিয়ে ১৮/২০২৫ নম্বৰটোৰ সৈতে হত্যাৰ এই নতুন ধাৰা সংযোজন কৰাৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। কিয়নো পূৰ্বে এই জুবিনৰ মৃত্যুক এক দুৰ্ঘটনা বুলি উল্লেখ কৰি অহা হৈছিল যদিও ছিংগাপুৰৰ সাগাৰৰ সমগ্ৰ ঘটনাৰ কেইবাটাও ভিডিঅ’ প্ৰত্যক্ষ কৰাৰ পাছতে জুবিনৰ অনুৰাগী তথা অসমৰ ৰাইজে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছিল।

আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পূ্ৰ্বে দুৰ্ঘটনা বুলি উল্লেখ কৰিছিল যদিও পাছলৈ এই ঘটনা সন্দৰ্ভত মন্তব্য কৰিবলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত 'জুবিনৰ হত্যাকাণ্ড' বুলিহে উল্লেখ কৰিছিল। সেয়ে ১ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গুৱাহাটীলৈ আনি জেৰা আৰম্ভ কৰাৰ পাছত এতিয়া পুনৰ সেই গোচৰটোৰ সৈতে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰাৰ বিষয়টো লক্ষ্যণীয়। 

ইফালে এটা নিশা চি আই ডিৰ কাৰ্যালয়ৰ লকআপত পৰা কৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এছ আই টিয়ে জেৰা আৰম্ভ কৰিছে। খবৰ অনুসৰি সিদ্ধাৰ্থ শৰ্মাৰ পৰা চি আই ডিয়ে ইতিমধ্যে এটা বেগ উদ্ধাৰ কৰিছে। এই বেগটোত আছে কিছু টেবলেট আৰু নথি-পত্ৰ। এই টেবলেটসমূহ কিহত ব্যৱহাৰ কৰা হয় সেয়া এছ আই টিয়ে পৰীক্ষা কৰিব। 

আনহাতে এছ আই টিৰ এই তদন্তত ১৮ল ছেপ্তেম্বৰৰ নিশা কি হৈছিল, ক’ত আৰু কোনে দিছিল পাৰ্টি, সেই পাৰ্টিত কোন কোন উপস্থিত আছিল, কোনে দিছিল য়টৰ পাৰ্টি, য়টত প্ৰকৃততে কোন কোন আছিল, কিয় জুবিনক সাগৰলৈ নমাই নিয়া হৈছিল এইসকলোবোৰ বিষয়ত এছ আই টিয়ে সোধ-পোছ কৰিছে সিদ্ধাৰ্থক। একেদৰে শ্যামকানু মহন্তকো জুবিনক ছিংগাপুৰলৈ লৈ যোৱাৰ পৰা আৰম্ভ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত সোধপোছ কৰাৰ লগতে তেওঁৰ অৰ্থনৈতিক অনিয়মৰ বিষয়েও তদন্ত অব্যাহত আছে। 

জুবিন গাৰ্গ চি আই ডি