/asomiyapratidin/media/media_files/2025/10/09/new-ap-web-4-19-2025-10-09-13-47-58.jpg)
ডিজিটেল ডেস্কঃ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ জন সম্পৰ্কৰক্ষীৰ দায়িত্বত থকা অনুজ কুমাৰ বৰুৱা আজি পুনৰ উপস্থিত হয় চি আই ডিৰ কাৰ্যালয়ত। এই সময়তে তেওঁ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে, ১৯ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সময়ত তেওঁ ছিংগাপুৰতে আছিল।
তেওঁ সংবাদ মাধ্যমৰ আগত কয়, জুবিনৰ মৃত্যুৰ ঘটনাৰ পাছতে তেওঁ নিজেই শ্যামকানু মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেষ্টিভেল বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। তাৰোপৰি তেওঁ জনাইছে ছিংগাপুৰস্থিত হাই কমিছনেও শ্যামকানু মহন্তক অনুষ্ঠান বাতিলৰ পৰামৰ্শ দিছিল।
ঘটনা সংঘটিত হোৱাৰ পাছতেই তেওঁ অনুষ্ঠানস্থলীৰ পৰা হোটেললৈ ঘূৰি আহিছিল বুলি উল্লেখ কৰি সাংবাদিকৰ আগত এই কথাও কয় যে, পৰৱৰ্তী সময়ত অনুষ্ঠান চলি আছিল নে নাই সেই বিষয়ে অৱগত নহয়। ২২ ছেপ্তেম্বৰত তেওঁ ছিংগাপুৰৰ পৰা অসমলৈ ঘূৰি আহিছিল।
উল্লেখ্য যে, শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে আৰম্ভণিৰ সময়ৰে পৰা জড়িত অনুজ কুমাৰ বৰুৱা। অৱশ্যে তেওঁ সাংবাদিকৰ আগত কয়, কেৱল অনুষ্ঠানৰ সময়তহে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ পি আৰ অ’ হিচাপে দায়িত্ব পালন কৰে বুলি কৈ এই কথাও কয় যে, বাকী সময়ছোৱাত তেওঁ এগৰাকী ফ্ৰীলাঞ্চাৰ হিচাপে অন্যান্য কামো কৰে।
ইফালে আজি চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয় জুবিন গাৰ্গৰ অন্যতম বন্ধু তথা ব্যৱসায়ীক সহযোগী বংকিম ৰায় মেধি। ‘পথাৰ আমাৰ বজাৰ আমাৰ’ শ্লোগানেৰে জুবিনৰ সৈতে মিলি তেওঁলোকে ‘বৃন্দাবন মাৰ্ট’ খুলিছিল।
জুবিনৰ মৃত্যুৰ পাছত ব্যৱসায়ীক কাৰণত মেধিৰ হাতত দিয়া ১ কোটিতকৈ অধিক টকা জমা আছে বুলি নিজেই উল্লেখ কৰি বংকিম ৰায় মেধিয়ে সেই ধন গৰিমা শইকীয়া গাৰ্গক উভতাই দিব বুলি কৈছিল। তেওঁ আজি সংবাদ মাধ্যমৰ আগত কয়, জুবিনৰ হাতত টকাৰ কোনো হিচাপ নাছিল। সেই কথা তেওঁ ভালকৈ জানিছিল।
তাৰোপৰি ছিংগাপুৰৰ পৰা উভতি অহাৰ পাছতেই শীঘ্ৰেই সিদ্ধাৰ্থৰ পৰা জুবিনে টকাৰ হিচাপ বিচৰাৰো কথা আছিল বুলি উল্লেখ কৰিছে বংকিম ৰায় মধিয়ে। তেওঁ কয় যে, জুবিন সম্পৰ্কত যিবোৰ তথ্য তেওঁৰ হাতত আছে সেই তথ্যসমূহ এছ আই টিৰ হাতত জমা দিব।
স্মৰ্তব্য, জুবিনৰ সহযোগী গায়িকা শতাব্দীয়েও সংবাদ মাধ্যমৰ আগত অনুৰূপ মন্তব্য কৰিছে। তেওঁ অভিযোগ কৰি কয় যে, জুবিন গাৰ্গৰ হাতত টকাৰ হিচাপ নাছিল। এদিন সেই ক্ষোভতে জুবিনে নিজৰ মোবাইলটোও দলিয়াই ভাঙিছিল। ছিংগাপুৰৰ পৰা অহাৰ পাছতেই সিদ্ধাৰ্থৰ পৰা টকাৰ হিচাপ লোৱাৰ কথা আছিল বুলিও শতাব্দীয়ে স্পষ্টকৈ উল্লেখ কৰিছে।